ETV Bharat / state

ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ীক সকীয়ালে আবকাৰী মন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 12:03 PM IST

ৰাজ্য়ৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ । নিচাগ্ৰস্ত হৈ গাড়ী চলালে বা পিকনিক খাবলৈ গ'লে ৰঙাঘৰত সোমাব লাগিব । টিংখাঙত পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সকীয়নি।

Road accident awareness bike rally in Thingkhong
পথ-সুৰক্ষা জনসচেতনতা কাৰ্যসূচী
পথ-সুৰক্ষা জনসচেতনতা কাৰ্যসূচী

মৰাণ, 12 ডিচেম্বৰ : সুৰাপায়ী সকলৰ বাবে দুঃসংবাদ। সুৰাপান কৰি বনভোজৰ আনন্দ উপভোগ কৰিব নোৱাৰিব । ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হ'ব আবকাৰী বিভাগ তথা আৰক্ষী প্ৰশাসন । টিংখাঙত এইদৰে মন্তব্য় কৰে পৰিবহন তথা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । সোমবাৰে টিংখাঙত জনসজাগতা সভাত অংশগ্ৰহণ কৰি মন্ত্রী পৰিমল শুক্লবৈদ্যই এইদৰে মন্তব্য় কৰি কয়," নিচাগ্ৰস্ত হৈ গাড়ী চলালে বা পিকনিক খাবলৈ গ'লে হ'ব লাগিব ৰঙা ঘৰৰ আলহী ।"

ইংৰাজী নৱবৰ্ষৰ সময়ছোৱাত সম্ভাৱ্য দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত চৰকাৰে সুৰাপায়ী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । টিংখাঙত সোমবাৰে নিশা এক পথ-সুৰক্ষা জনসচেতনতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইকথা উল্লেখ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উল্লেখযোগ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে অব্যাহত থকা "বিশ্ব স্মৃতি দিৱস" উপলক্ষে সোমবাৰে ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত পথ সজাগতা কাৰ্যসূচীত গ্ৰহণ কৰি সজাগতামূলক বাইক ৰেলী লৈ নিশা টিংখাঙৰ ৰাজগড়ত উপস্থিত হয় পৰিবহন মন্ত্ৰীগৰাকী ।

ৰাজগড়ৰ শ্বহীদ বেদী তিনিআলিত এক পথ-সুৰক্ষা সজাগতা সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । টিংখাঙত ৰাইজৰ সৈতে জন সজাগতা সভাত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্রী পৰিমল শুক্লবৈদ্যই ৰাজ্য চৰকাৰে পথ সুৰক্ষাৰ ক্ষেত্রত তথা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে এই মটৰচাইকেল ৰেলীৰ মূল উদ্দেশ্য হৈছে পথ সুৰক্ষাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি দায়িত্ববোধৰ মনোভাৱ গঢ়ি তোলা ।

তেওঁ পথসমূহ দুৰ্ঘটনামুক্ত কৰিবৰ বাবে দুচকীয়া বাহন চলাওতে সদায় হেলমেট পৰিধান কৰিবলৈ, তীব্ৰ গতিত বাহন নচলাবলৈ, সুৰাপান কৰি বাহন নচলাবলৈ, বাহন চলাওতে সদায় চিটবেল্ট পৰিধান কৰিবলৈ আৰু বাহন চলাওতে কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায় । জনসাধাৰণ সজাগ আৰু সচেতন তথা দায়িত্বশীল হ'লেহে এখন দুৰ্ঘটনামুক্ত তথা সুৰক্ষিত জিলা আৰু ৰাজ্য গঢ়িব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক:খোৱাঙত সজাগতাৰ বাৰ্তা লৈ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.