মৰাণ, 21 নৱেম্বৰ : কিছুদিন পূৰ্বে মাতৃ বিয়োগ ঘটিছে সাংসদ তপন গগৈ(MP Tapan Gogoi)ৰ ৷ সাংসদগৰাকীৰ খবৰ লোৱাৰ উদ্দেশ্যে শনিবাৰে তেওঁৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Ex CM Sarbananda Sonowal) ৷

চৰাইদেউৰ সোণাৰিস্থিত বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ সাংসদগৰাকীৰ প্ৰয়াত মাতৃৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তদুপৰি সাংসদ গগৈৰ মাতৃ সৰুমাই গগৈৰ বিয়োগৰ বাবে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷
এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল(Ex CM Sarbananda Sonowal) ৰ সৈতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, লাহোৱালৰ প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা আদিৰ লগতে একাংশ দলীয় কৰ্মকৰ্তা ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একালৰ ছাত্ৰ সন্থাৰ সতীৰ্থ আছিল বৰ্তমানৰ যোৰহাট লোকসভা সমষ্টি(Jorhat LAC) ৰ সাংসদ তপন গগৈ ৷

লগতে চাওক: Kobu chapori flood : জোনাইত উদ্ধাৰ সুগৰী পহু