ETV Bharat / state

Erosion in Dibrugarh: টিংখাঙত খহনীয়া ৰোধৰ বাবে নদী পূজা

author img

By

Published : Mar 26, 2023, 10:35 PM IST

টিংখাঙত দিচাং নদীৰ প্ৰৱল গৰাখহনীয়া । গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰংছোৱাল গাঁৱৰ ৰাইজে সেৱা জনালে ভগৱানক (Erosion at Rangsowal village)। ইতিমধ্যে সোণোৱাল কছাৰী লোকসকলৰ এটা মন্দিৰ জাহ গৈছে নৈৰ বুকুত ।

Erosion in Dibrugarh
বিমল বড়াৰ সমষ্টিত খহনীয়া
বিমল বড়াৰ সমষ্টিত খহনীয়া

মৰাণ, ২৬ মাৰ্চ: মন্ত্ৰী বিমল বড়াৰ সমষ্টিত খহনীয়া প্ৰতিৰোধৰ বাবে টিংখাঙত নদী পূজা কৰিলে ক্ষুদ্ধ ৰাইজে (Erosion in Thingkhong)। দিচাং নদীৰ প্ৰৱল গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি টিংখাঙৰ ২ নং ৰংছোৱাল গাঁৱৰ ৰাইজে গ্ৰহণ কৰে এই পদক্ষেপ (Erosion of Dichang River)। প্ৰৱল গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ভগৱানৰ শৰণাপন্ন হৈছে ৰাইজ । সেইবাবে নদীৰ পাৰত কৰিলে ঈশ্বৰ বন্দনা । ৰাইজে ভগৱানক আগবঢ়ালে শৰাই ।

নমামী বৰাক বা নমামী ব্ৰহ্মপুত্ৰ নহয়, এইবাৰ চলিল দিচাং নদীৰ পাৰত পূজা-অৰ্চনা (Prayer for protection from erosion)। চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই দিচাং নদীৰ প্ৰৱল গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি টিংখাঙৰ ২ নং ৰংছোৱাল গাঁৱৰ ৰাইজে সেৱা জনালে নেদেখাজনক । দেওবাৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ৰাজমেধী শিৱ শৰ্মাৰ উপস্থিতিত অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই ধূপ- নৈবেদ্য, চাকি-শৰাই আগৱঢ়াই জলদেৱতাৰ প্ৰসন্ন হ'বৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় ।

উল্লেখযোগ্য যে, টিংখাঙৰ শালমাৰী-দীঘলীয়া পঞ্চায়তৰ অন্তৰ্গত ২ নং- ৰংছোৱাল গাঁৱত দীৰ্ঘদিন ধৰি চলি অহা দিচাং নদীৰ গৰাখহনীয়াৰ ফলত গাঁওখনৰ দিচাং ধনপুৰ মজলীয়া বিদ্যালয় ,২ নং ৰংছোৱাল ৰাজহুৱা নামঘৰ আৰু দিচাং ৰংছোৱাল স্বাস্থ্য কেন্দ্ৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । নদীৰ খহনীয়াৰ ফলত ইতিমধ্যে সোণোৱাল কছাৰী লোক সকলৰ এটা মন্দিৰ জাহ গৈছে নৈৰ বুকুত ।

আনহাতে, দিচাং নদীৰ খহনীয়াই কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ পথটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । স্থানীয় ৰাইজে স্থানীয় জনপ্ৰতিনিধিৰ লগতে চৰকাৰক বাৰম্বাৰ আবেদনৰ পাছতো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত আজিলৈকে চৰকাৰ তথা জলসম্পদ বিভাগে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । খোদ কেবিনেট মন্ত্ৰীৰ বিমল বড়াৰ সমষ্টিত এতিয়াও ৰাইজে গৰাখহনীয়া পৰা পৰিত্ৰাণ পাবলৈ নদী পূজা কৰিব লগা হোৱা বিষয়টোৱে চৰকাৰৰ উন্নয়ন প্ৰকৃত ছবি খন উদঙাই দিছে (Minister Bimal Bora)।

লগতে পঢ়ক:Dhritashree Rabha suicide case: সুৰক্ষিত নহয় দেশ ৰক্ষাৰ দায়িত্বত থকা অসমৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.