ETV Bharat / state

Poor service in Moran Hospital:মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত বন্ধ জৰুৰী সেৱা

author img

By

Published : Jul 31, 2023, 5:32 PM IST

চিকিৎসকৰ অভাৱত বন্ধ হোৱাৰ দিশে শতবৰ্ষ গৰকা মৰাণ ৰাজ্যিক চিকিৎসালয় । স্বাস্থ্য বিভাগে আঁৰিলে জাননী । ইয়াৰ পিচতেই দল-সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

Moran state dispensary
মৰাণ ৰাজ্যিক চিকিৎসালয়
মৰাণ ৰাজ্যিক চিকিৎসালয়

মৰাণ, ৩১ জুলাই:পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কৈ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছে । কিন্তু এনে সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসকৰ অভাৱত ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চিকিৎসকৰ অভাৱৰ বাবেই মৰাণ নগৰত অৱস্থিত একমাত্ৰ চৰকাৰী চিকিৎসালয় মৰাণ ৰাজ্যিক চিকিৎসালয়ত এতিয়া ৰোগীৰ হাহাকাৰ অৱস্থা । স্বাস্থ্য বিভাগে জাননী আঁৰি বন্ধ কৰিলে সকলোধৰণৰ জৰুৰী সেৱা ৷

চিকিৎসালয়ত বন্ধ কৰা হ'ল সান্ধ্য বহিঃ বিভাগ, জৰুৰী সেৱা ৷ চিকিৎসালয়ত জাননী আঁৰি দি দায়িত্ব সামৰিলে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে মৰাণবাসীৰ লগতে বিভিন্ন দল-সংগঠন ৷ উল্লেখ্য় যে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ নগৰত ১৯০৫ চনতে স্থাপিত মৰাণ ৰাজ্যিক চিকিৎসালয়খনে সুদীৰ্ঘদিন অঞ্চলবাসীক সেৱা আগবঢ়াই আহিছে ৷ মৰাণ নগৰৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়ত পূৰ্বতে ২৪ ঘন্টাই চিকিৎসাসেৱা উপলব্ধ আছিল যদিও ২০২২ বৰ্ষৰ নৱেম্বৰৰ পৰা নৈশ সেৱা বন্ধ কৰি কেৱল সন্ধিয়া ৮ বজালৈকেহে ৰোগীৰ বাবে খোলা ৰখাৰ ব্যৱস্থা কৰা হয় ৷

বৰ্তমান সেই ব্যৱস্থাও বন্ধ কৰি কাইলৈ অৰ্থাৎ ১ আগষ্টৰ পৰা কেৱল পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বহিঃ বিভাগ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাত স্তম্ভিত হৈ পৰিছে মৰাণবাসী ৷ স্বাস্থ্য বিভাগে এখন জাননীৰ জৰিয়তে চিকিৎসকৰ নাটনিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে। কেৱল প্ৰসূতি সেৱাৰ বাদে বাকী জৰুৰীকালীন সেৱাও বন্ধ কৰি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰোগীৰ মাজত ৷ কিয়নো মৰাণ ৰাজ্যিক চিকিৎসালয়ত দৈনিক দুই শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰাই আহিছে ৷ বৰ্তমান চিকিৎসালয়খনত চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ পদ খালী হৈ আছে ৷ ইয়াৰ বিপৰীতে কেৱল এগৰাকী হোমিঅ'পেথিক চিকিৎসকে সেৱা আগবঢ়াবলগীয়া হৈছে চিকিৎসালয়খনত ৷

স্বাস্থ্য বিভাগৰ এনে কৰ্মকাণ্ডত ক্ষুদ্ধ আছুৰ মৰাণ আঞ্চলিক সমিতি আৰু অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিয়ে শীঘ্ৰে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নিযুক্তি প্ৰদান কৰি পূৰ্ৱৰ দৰে চিকিৎসা সেৱা প্ৰৱৰ্তনৰ দাবী জনাইছে ৷ মৰাণ সমষ্টিৰ বিধায়কগৰাকীৰ ভূমিকাকো সমালোচনা কৰিছে সংগঠন দুটাই ৷

লগতে পঢ়ক:Pranab Saikia Murder: হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব;মন্ত্ৰী জয়ন্ত মল্লৰ পৰিয়ালক আশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.