মৰাণ, ৯ ডিচেম্বৰ: দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহৰ সঁহাৰি জনাই অসমৰ ৰাজনৈতিক দলসমূহেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । মঙলবাৰে কৃষক ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত মৰাণৰ মাহমৰাতো বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছে ।

পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে মাহমৰা সমষ্টিৰ ডবা মণ্ডল কংগ্ৰেছ কমিটী, ডবা মণ্ডল যুৱ কংগ্ৰেছ কমিটীয়ে ।

লগতে কৃষক বিৰোধী আইনখন বাতিলৰ দাবী জনায় । সমান্তৰালভাৱে মৰাণৰ কৃষক সংগঠনৰ লগতে বহুকেইটা জাতীয় সংগঠনেও ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰা পৰিলক্ষিত হয় ।

কৃষকৰ স্বাৰ্থত সকলো ওলাই আহি প্ৰতিবাদ কৰিছে যদিও এই প্ৰতিবাদৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব আৰোপ কৰে সেইয়া সময়তহে পৰিলক্ষিত হ'ব । কৃষি আইন বাতিলৰ দাবীত এতিয়াও দিল্লীত বিদ্ৰোহ অব্যাহত ৰাখিছে কৃষক সমাজে ।
লগতে পঢ়ক:মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ