ডিব্ৰুগড়, 3 মাৰ্চঃ বৰ্তমান অস্তিত্বৰ সংকটত অসম তথা উত্তৰ পূৱৰ প্ৰথমখন আধুনিক চিকিৎসা বিদ্যালয়খন ৷ ১৯০০ চনতে ডিব্ৰুগড়ৰ চহৰৰ গ্ৰেহেম বজাৰত ইংৰাজসকলে স্থাপন কৰিছিল ডাঃ জন বেৰি হোৱাইট মেডিকেল স্কুলখন ৷ জহি খহি যোৱাৰ উপক্ৰম হৈছে ঐতিহাসিক এই বিদ্যালয়খন ৷ ডাঃ জন বেৰি হোৱাইটৰ আপ্ৰাণ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বিদ্যালয়খন ৷ এই মহান চিকিৎসক গৰাকীয়ে বহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চহৰ ডিব্ৰুগড়ত আধুনিক চিকিৎসা সেৱাৰ সপোন দেখিছিল ৷ জীৱিত কালত সপোন পূৰণ নহ'ল যদিও মৃত্যুৰ পূৰ্বে তেওঁ চিকিৎসালয় নিৰ্মাণৰ বাবে আগবঢ়াইছিল ৫০,০০০ টকা ৷ ১৯৩৮ চনত অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুজ্ঞাপত্ৰ পোৱা চিকিৎসকসকলৰ দ্বাৰা অনুষ্ঠিত এখন সভাত এই মেডিকেল স্কুলখনক এখন পূৰ্ণাংগ মেডিকেল কলেজ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লয় ৷ সেই সিদ্ধান্ত মৰ্মেই ১৯৪৭ চনৰ ৩নৱেম্বৰত বেৰী হোৱাইট কলেজখনক অসম চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণ কৰা হয় ৷
বৰ্তমান অইল ইণ্ডিয়া লিমিটেডে দুই কোটি টকা ব্যয়েৰে এইসমূহ অস্বিত্ব সংৰক্ষণৰ বাবে Indian National Trust for Art & Cultural Heritage চমুকৈ ইনটেক নামৰ প্ৰতিষ্ঠান এটাক মেৰামতিৰ দায়িত্ব অৰ্পণ কৰিছে ৷
লগতে পঢ়কঃ ৰজাঘৰীয়া ভাষণৰ ফুলজাৰিঃ তিলমানো উন্নয়নৰ চিনচাপ নাই বাগিচা অঞ্চলত