ETV Bharat / state

আন্দোলনৰে পুনৰ ৰাজ্য কপাঁব চাহ মজদুৰ সংঘই !

author img

By

Published : Jan 12, 2021, 8:38 AM IST

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰাৰ লগতে অনান্য কেইবাটাও দাবীৰে অসম চাহ মজদুৰ সংঘই অহা ১৮ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

আন্দোলনৰে পুনৰ ৰাজ্য কপাঁব চাহ মজদুৰ সংঘই !
আন্দোলনৰে পুনৰ ৰাজ্য কপাঁব চাহ মজদুৰ সংঘই !

ডুমডুমা,12 জানুৱাৰীঃ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বিজেপি শাসিত চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ প্ৰস্তুতি চলাইছে অসম চাহ মজদুৰ সংঘই । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰাৰ লগতে অনান্য কেইবাটাও দাবীৰে অসম চাহ মজদুৰ সংঘই অহা ১৮ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

১৮জানুৱাৰীত ডিব্ৰুগড় আৰু পৰৱৰ্তী সময়ত বিশ্বনাথ আৰু গোলাঘাট জিলাত হ'বলগীয়া "শ্ৰমিক গৰ্জন" কাৰ্যসূচীৰ প্ৰচাৰৰ অংশ হিচাপে ডুমডুমাত সোমবাৰে এক বিশাল মটৰ চাইকেল ৰেলীৰে চলালে আন্দোলনটোৰ এক প্ৰচাৰ অভিযান । অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ নেতৃত্বত ডুমডুমা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই মটৰ চাইকেল ৰেলীৰ জৰিয়তে ডুমডুমাৰ বিভিন্ন চাহ বাগিচাত প্ৰস্তাৱিত আন্দোলনৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ অৰুণাচলৰ পৰা অপহৃত হোৱা দুই বিষয়াক মুক্তি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.