মৰাণ, ১৪ আগষ্ট : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰত ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত অভিযান । যানজঁটৰ সমস্যাই প্ৰতি দিনে ৰাইজক হাৰাশাস্তি ভোগাই থকাৰ লগতে এতিয়া লেতেৰা জাবৰেৰে ভৰি পৰিছে চাবুৱা নগৰ । পৌৰসভায়ো এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । স্বচ্ছ ভাৰত অভিযানৰ যেন চিন চাবেই নাই চাবুৱা নগৰত । পেলনীয়া সামগ্ৰীৰে ভৰি পৰিছে নগৰখন ।
এখন স্থায়ী বজাৰ নথকাৰ বাবে এনে কদৰ্যময় পৰিৱেশতে শাক-পাচলি বিক্ৰী কৰিবলগীয়া হৈছে বিক্ৰেতাসকলে । পদপথৰ ওপৰতে শাক-পাচলি বিক্ৰী কৰা বাবে মানুহে অহা-যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় । আনহাতে, বছৰ বছৰ ধৰি নলাবোৰ পৰিষ্কাৰ নকৰাত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় নগৰখনৰ মাজমজিয়াত আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত ।
চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয় পথত সৃষ্টি হোৱা যানজঁট আৰু লেতেৰা পৰিৱেশে সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে যদিও নগৰ পৰিচালনা সমিতিয়ে কোনো গুৰুত্ব দিয়া নাই ।
এই ক্ষেত্ৰত পৌৰসভায়ো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । সু-পৰিকল্পনা অবিহনেই পথৰ কাষে কাষে যানবাহন আৰু শাক-পাচলিৰ দোকান খুলিবলৈ দিয়াৰ বাবে অধিক যানজঁটৰ সৃষ্টি হৈছে বুলি ৰাইজে অভিযোগ তুলিছে ।
যোৱা কেইমাহমানৰ পূৰ্বে চাবুৱা পৌৰসভাৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত চাবুৱা বজাৰখন সাপ্তাহিক বজাৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজিলৈকে পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ'ল । ফলত এতিয়াও শাক-পাচলিৰ ব্যৱসায়ীসকলে পথৰ কাষতে ব্যৱসায় কৰিবলগীয়া হৈছে । বিধায়ক পোনাকণ বৰুৱাই শীঘ্ৰে নগৰখনৰ মূল সমস্যাসমূহ সমাধান কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:কলিয়াবৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি নিৰীক্ষণ আনন্দ মিশ্ৰৰ