ডিব্ৰুগড়, 29 মাৰ্চ: নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হুবহু প্ৰতিচ্ছবি অংকন কৰা হয়তো আপুনি বহুবাৰ দেখিছে ৷ কিন্তু এইবাৰ আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো এগৰাকী বিশেষ যুৱকৰ সৈতে ৷ যিগৰাকী যুৱকে কেৱল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাই নহয়, ভাৰতৰ বহু জনপ্ৰিয় লোকৰ প্ৰতিচ্ছবি হুবহু অংকন কৰিছে ৷ কিন্তু আপুনি হয়তো ভাবিছে বহু শিল্পীয়ে এনেদৰে প্ৰতিচ্ছবি অংকন কৰে, গতিকে এই যুৱকজন বিশেষ কেনেকৈ হ’ল ? নহয় জানো ? ৰ’ব সকলো কম আজিৰ এই সম্পূৰ্ণ প্ৰতিবেদনত ৷
হয়, এই যুৱকজন এই কাৰণেই বিশেষ কাৰণ, যুৱকজনে হাতেৰে নহয় ভৰিৰে অংকন কৰে প্ৰতিচ্ছবি ৷ কেৱল ভৰিৰে অংকন কৰাই নহয়, ৰছীত ওলমি ভৰিৰে ছবি অংকন কৰে যুৱকজনে ৷ শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা ৷ এই ব্যতিক্ৰমী প্ৰতিভাৰ বাবেই সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে যুৱকজনে ৷ এনেদৰেই ৰছীত ওলমি ভাৰতৰ বহু প্ৰসিদ্ধ লোকৰ ছবি অংকন কৰিছে যুৱকজনে ৷ এইবাৰ পুনৰ ৰছীত ওলমি ভৰিৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চালৈ আহিছে যুৱকজন (Dipu Bora painted portrait of Zubeen Garg) ৷
ডিব্ৰুগড়ৰ খোৱাঙৰ অসাধাৰণ প্ৰতিভাসম্পন্ন যুৱকজনৰ নাম ডিপু বৰা । খোৱাং চাৰিআলিৰ কুশল চন্দ্ৰ বৰা আৰু অমিয়া বৰাৰ পুত্ৰ ডিপু বৰা । ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে বৰ্তমান কৰ্মৰত ডিপু বৰা । জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰকাশ কৰিবলৈ শিল্পীগৰাকীয়ে নিজৰ হাত বান্ধি ৰচীৰে ওপৰৰ পৰা ওলমি ভৰিৰে আঁকিলে এখন জুবিন গাৰ্গৰ বৃহৎ প্ৰতিচ্ছবি (Portrait of Zubeen Garg) ।
জুবিন গাৰ্গৰ বৃহৎ প্ৰতিচ্ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে ছবি অংকন কৰা শৈলীক সকলোৱে প্ৰশংসা কৰা দেখা যায় (Painting Of Jubeen Garg By Dipu Bora) ৷ ইয়াৰ উপৰিও কেইবছৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুবিশাল কেনভাচ অংকন কৰি সাতটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷
ডিপু বৰাই লণ্ডনৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰচিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে । জুবিন গাৰ্গৰ এই ছবিখন অংকন কৰোতে যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল যদিও জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ ভালপোৱা বাবেই সকলো সমস্যাক চেৰ পেলাই ছবিখন সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ডিপু বৰা ।
লগতে পঢ়ক: Parineeti Chopra: বিবাহৰ সন্দৰ্ভত পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰিণীতি চোপ্ৰাই