ETV Bharat / state

দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা - দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা

২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰা এই অভয়াৰণ্য খনত আছে ৪০তকৈ অধিক স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ প্ৰজাতিৰ মাছ, ৪০তকৈ অধিক সৰীসৃপ প্ৰজাতি, ৭টা প্ৰজাতিৰ মেকুৰী, ১৩২ টা প্ৰজাতিৰ পখিলা,ভালুক,বন গাহৰি,হলৌ বান্দৰ আৰু ১০৮টা প্ৰজাতিৰ অৰ্কিড ৷ কিন্তু বন্যপ্ৰাণী সমূহক চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগে দিছে মাত্ৰ দুখন দা ৷

দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা
author img

By

Published : Nov 1, 2019, 2:44 PM IST

Updated : Nov 1, 2019, 3:06 PM IST

ডিব্ৰুগড়, 1 নৱেম্বৰঃ দুখন দাৰে চলিছে এটা কাৰ্যালয় ৷ কাৰ্যালয়টোৰ দায়িত্বত আছে এখন গুৰুত্বপূৰ্ণ অভয়াৰণ্য ৷ ৮০০ বৰ্গ কিলোমিটাৰ সামৰি থকা এখন বৰ্ষাৰণ্যৰ দায়িত্বত আছে ৫ গৰাকী অসহায় লোক ৷ চৰকাৰে তেওঁলোকক গম্ভীৰ দায়িত্ব চম্ভালিবলৈ দিছে মাত্ৰ দুখন দা আৰু দুটা টৰ্ছ ৷ নাই বিদুৎ সংযোগ। নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ ২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে ঘোষণা কৰা ডিব্ৰুগড় জিলাৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা এইসকল বন বিভাগৰ লোকে মাত্ৰ দুটা টৰ্চ লাইট আৰু দুখন দাৰে চলাই নিছে নিজৰ কৰ্তব্য ৷ অস্ত্ৰ শস্ত্ৰৰ কথা বাদেই দিয়ক তেওঁলোকৰ নিজৰ নিৰাপত্তাৰ বাবেও নাই কোনো ধৰণৰ সা সৰঞ্জাম ৷ গভীৰ অৰণ্যত কেৱল দুখন দা লৈয়ে পহৰাৰ দায়িত্ব পালন কৰে এইসকল বনকৰ্নীয়ে ৷

Dihing Patkai rain forest security big Security issue
২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি দিছিল জয়পুৰ বৰ্ষাৰণ্যক

২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰা এই অভয়াৰণ্য খনত আছে ৪০তকৈ অধিক স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ প্ৰজাতিৰ মাছ, ৪০তকৈ অধিক সৰীসৃপ প্ৰজাতি, ৭টা প্ৰজাতিৰ মেকুৰী, ১৩২ টা প্ৰজাতিৰ পখিলা, ভালুক, বন গাহৰি, হলৌ বান্দৰ আৰু ১০৮টা প্ৰজাতিৰ অৰ্কিড ৷ কিন্তু বন্যপ্ৰাণী সমূহক চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগে দিছে মাত্ৰ দুখন দা ৷ যি সময়ত চোৰাং চিকাৰীৰৰ হাতত AK-47ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ আছে সেই সময়ত এইসকল বনকৰ্মীয়ে অতি নিষ্ঠাৰে পুৰণিকলীয়া ব্যৱস্থাৰে নিৰাপত্তা দিব লগা হৈছে অভয়াৰণ্যখনক ৷

দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা
নাদৰ পানী আৰু দুটা সৌৰ চাকি সম্বল কৰি দিন কটাবলগীয়া হয় কৰ্মচাৰী সকলে। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিশা কাৰ্যালয়ত হাতীয়ে আক্ৰমণ কৰিলে চিলিঙত থকা এটা ফুটাত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰিব লাগে কৰ্মচাৰী সকলে। এইয়া হৈছে ৰাজ্যৰ বনবিভাগৰ অৱস্থা ৷ বনকৰ্মীসকলৰ আধুনিকীকৰণৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পিচতো দাৰে চলিছে বনবিভাগ ৷
Dihing Patkai rain forest security big Security issue
দিহিং পাটকাই অভয়াৰণ্যৰ এটি দৃশ্য

লগতে চাওকঃ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজন কৰ্মী : উত্তাল প্ৰতিবাদ

Intro:কিমান সুৰক্ষিত দিহিং-পাটকাই বৰ্ষাৰণ্যঃ

(এটা আজৱ কাৰ্য্যলয়! ভগৱান, দুখন দা, এটা টৰ্ছ লাইট আৰু এটা চিলিঙৰ ফুটাক ভৰষা কৰি চলিছে অসমৰ বিয়াগোম বন বিভাগৰ এটা কাৰ্যালয়।)

ডিব্ৰুগড় জিলাৰ জয়পুৰত ৮০০ বৰ্গ কিলোমিটাৰ সামৰি অৱস্থিত জয়পুৰ বৰ্ষাৰণ্য ।২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰা এই অভয়াৰণ্য খনত আছে ৪০তকৈ অধিক স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ প্ৰজাতিৰ মাছ, ৪০তকৈ অধিক সৰীসৃপ প্ৰজাতি, ৭টা প্ৰজাতিৰ মেকুৰী, ১৩২ টা প্ৰজাতিৰ পখিলা, ভালুক, বন গাহৰি, হলৌ বান্দৰ আৰু ১০৮টা প্ৰজাতিৰ অৰ্কিড৷ কিন্তুু ইয়াৰ পিছতো সুৰক্ষিত নহয় অভয়াৰণ্য খনত থকা জীৱ জন্তু সমূহ কাৰণ সুৰক্ষা ক্ষেত্ৰত নিয়োজিত কৰ্মচাৰী হাতত নাই পৰ্য্যাপ্ত অস্ত্ৰ শস্ত্ৰ আৰু সা সুবিধা ।Body: উল্লেখ্য যে অসম অৰুণাচল সীমান্তত লাগি থকা কঠালগুৰি খণ্ড বিষয়া কাৰ্য্যলয়ে জয়পুৰ বৰ্ষাৰণ্যৰ ১১১ বৰ্গ কিলোমিটাৰ বনাঞ্চল সামৰি লৈছে। কিন্তুু এই বিশাল অভয়াৰণ্য খনক সুৰক্ষা প্ৰদান কৰিবলৈ নিয়োজিত কৰি ৰখা হৈছে মাত্ৰ ৫ গৰাকী কৰ্মচাৰী, আনকি বন্যপ্ৰাণী সমূহক চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ মাত্ৰ দুখন দা আৰু এটা টৰ্ছ লাইট দিয়ে নিজৰ দায়িত্ব সামৰলি বিয়াগোম বন বিভাগে ।ইফালে এই কাৰ্য্যলয়টো নিয়োজিত কৰ্মচাৰী সকলৰ বাবে নাই কোনো ধৰণৰ বিশুদ্ধ খোৱাপানী ব্যৱস্থা, নাই বিদুৎ সংযোগ।এতিয়া নাদৰ পানী আৰু এটা চলাৰ লেম্পকেই সম্বল কৰি দিন কটাবলগীয়া হয় কৰ্মচাৰী সকলে। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিভাগীয় কৰ্তৃপক্ষক কেইবাবছৰ পূৰ্বে এখন বাউণ্ডেৰী ৱালৰ বাবে দাবী জনাইছিল যদিও সেয়া আজিকোপতি কাৰ্যত নহল ।যাৰ ফলত নিশা কাৰ্য্যলয়টোত হাতীয়ে আক্ৰমণ কৰিলে চিলিঙত থকা এটা ফুটাত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰিব লাগে কৰ্মচাৰী সকলে। যাৰ বাবে নেদেখা জনক পূজা অৰ্চনা কৰিয়ে দিনে ৰাতিয়ে নিজৰ দায়িত্ব পালন কৰি গৈছে কাৰ্য্যলয়টোৰ কৰ্মচাৰী সকলে।
Conclusion:লক্ষনীয় যে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ জয়পুৰ বৰ্ষাৰণ্য উৎসৱ আৰু বিজ্ঞাপনৰ নামত ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিছে চৰকাৰখনে কিন্তু বৰ্ষাৰণ্য খনৰ ভিতৰ চৰাত নিয়োজিত কৰ্মচাৰী সকলে কেনেদৰে মৰণত শৰণ দি দিনে নিশাই নিজৰ কৰ্ত্তব্য পালন কৰি আহিছে তাৰ প্ৰতি কিন্তুু তিলমানো ভ্ৰুক্ষেপ নাই ৰজাঘৰীয়াৰ।

Byte - বন বিভাগৰ লোক ।
Last Updated : Nov 1, 2019, 3:06 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.