ETV Bharat / state

এইবাৰ বিজেপিৰ টেঙা আম নাখাই লাহোৱালবাসীয়ে: দিব্যজিৎ দত্ত - নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাইজৰ দলৰ

লাহোৱাল সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী দিব্যজিৎ দত্তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৷ লাহোৱালত চালানী মাছৰ দপদপনি । বহিৰাগত প্ৰাৰ্থী আহি লাহোৱালত কৰিছে নিৰ্বাচনী ৰণ- এই মন্তব্য লাহোৱাল সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিব্যজিৎ দত্তৰ ।

নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী দিব্যজিৎ দত্তৰ

author img

By

Published : Mar 18, 2021, 9:27 PM IST

মৰাণ,18 মাৰ্চ: লাহোৱাল সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী দিব্যজিৎ দত্তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৷ বহিৰাগত প্ৰাৰ্থীক বাৰে বাৰে আদৰি নলয় লাহোৱালত । এই গুৰুত্বপূৰ্ণ মন্তব্য সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিব্যজিৎ দত্তৰ ।

লাহোৱাল সমষ্টিৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ দলৰ প্ৰাৰ্থী দিব্যজিৎ দত্তই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে প্ৰকাশ কৰে এই মন্তব্য । লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাক চালানী মাছৰ তুলনা কৰি কটাক্ষ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ইফালে "কা" আন্দোলনৰ সময়ত বিনোদ হাজৰিকাৰ চাবুৱাৰ বাসগৃহত কোনোবাই অগ্নি সংযোগ কৰা কাৰ্যত হাজৰিকাই লাহোৱাল সমষ্টিৰ ৰাইজ জড়িত থকাৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে দত্তই ।

দিব্যজিৎ দত্তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

এই অপযশৰ কথা লাহোৱাল সমষ্টিত ৰাইজে পাহৰা নাই আৰু ইয়াৰ ফল নিৰ্বাচনতে লাহোৱালবাসীয়ে দিব বুলি দিব্যজিৎ দত্তই মন্তব্য কৰে । চাবুৱা সমষ্টিৰ পৰা চালানী হৈ অহা বিনোদ হাজৰিকাই এইবাৰ লাহোৱাল সমষ্টিত জিকিব নোৱাৰিব । এইবাৰ ৰাইজে লাহোৱাল সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক জয় কৰাব বুলি দাবী কৰে দিব্যজিৎ দত্তই ।

ইফালে ডিগবৈ নিবাসী কংগ্ৰেছৰ লাহোৱাল সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গ'ল দিব্যজিৎ দত্তই ।

লগতে পঢ়ক: বিজেপিৰ ১৫ গৰাকী নেতাক দলৰ পৰা বহিস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.