ETV Bharat / state

সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ সংবাদমেল - নৱ-নিযুক্ত আৰক্ষী অধীক্ষক

ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই মঙলবাৰে এখনি সংবাদমেল আয়োজন কৰে ৷ উক্ত সংবাদমেলত উপস্থিত থাকে জিলাখনৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় ৷

Dibugarh DC Press Meet on Current Situation
সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ সংবাদমেল
author img

By

Published : Dec 17, 2019, 11:32 PM IST

ডিব্ৰুগড়, 17 ডিচেম্বৰঃ ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ডিব্ৰুগড়ৰ পৰিৱেশ ৷ বিগত সময়ছোৱাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত ব্যাপক হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছিল যদিও সম্প্ৰতি স্বাভাৱিক পৰিৱেশ বিৰাজ কৰিছে জিলাখনত ৷ জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই মঙলবাৰে এখনি সংবাদমেলৰ আয়োজন কৰে ৷ উক্ত সংবাদমেলত উপস্থিত থাকে জিলাখনৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় ৷

সংবাদমেল সম্বোধন কৰি উপায়ুক্তই কয় যে,সম্প্ৰতি জিলাখনৰ পৰিস্থিতি কিছু উন্নত হৈছে ৷ আৰু চাৰি-পাঁচদিনৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব ৷ বিগত দিনসমূহত ক্ষতিসাধন হোৱা সকলো ৰাজহুৱা সম্পত্তিৰ হিচাপে প্ৰশাসনৰ হাতত আছে ৷ প্ৰায় 43টা ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা হৈছে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত 46টা গোচৰ ৰুজু কৰা হৈছে লগতে এই পৰ্যন্ত 27 ব্যক্তিক আটক কৰা হৈছে ৷ আনহাতে,এই সমগ্ৰ ঘটনাৰাজি পৰ্যবেক্ষণ কৰাৰ বাবে এটা বিশেষ ‘টাস্ক ফ’ৰ্চ’ গঠন কৰা হৈছে ৷
লগতে পঢ়ক- বুধবাৰেও বন্ধ থাকিব ৰাজ্যত ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.