ETV Bharat / state

ডিব্ৰুগড়ত ভয়াবহ ৰূপত বৃদ্ধি কোভিড 19ৰ সংক্ৰমণ

author img

By

Published : Jul 3, 2020, 10:28 PM IST

ডিব্ৰুগড়ত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক‘ৰণা ৰোগীৰ সংখ্যা। বৰ্তমান ডিব্ৰুগড়ত মুঠ আক্ৰান্তৰ সংখ্যা ১৮৯ জনলৈ বৃদ্ধি ৷

dibrugrah covid-19 positive case  incrise 189  critcal conditaion
ডিব্ৰুগড়ত ভয়াবহ ৰূপত বৃদ্ধি কোভিড 19ৰ সংক্ৰমন

ডিব্ৰুগড়,3জুলাইঃ ডিব্ৰুগড় জিলাত ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে ক‘ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ডিব্ৰুগড়ত চহৰত গণ সংক্ৰমণৰ আশংকা প্ৰকাশ সচেতন মহলৰ। ইপিনে বৰ্তমান ডিব্ৰুগড়ত মুঠ আক্ৰান্তৰ সংখ্যা ১৮৯ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে ডিব্ৰুগড়ৰ লেপেটকটা পেট্ৰ'ল পাম্পৰ সমীপত ৪ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-19 ৷ এই লোক কেইজনৰ এজন ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। কোনো ভ্ৰমণ বৃতান্ত নথকা এই লোক কেইজনৰ শৰীৰত কোভিড-19 ধৰা পৰাৰ পিছতে ভীতিগ্ৰস্ত হৈ পৰিছে ডিব্ৰুগড়বাসী।

আনহাতে বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত হাৰ্ণিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী 75 বছৰীয়া বৃদ্ধ লোকৰ দেহত ক‘ৰণা ভাইৰাছৰ উপস্থিতিক লৈ চিকিৎসা মহাবিদ্যালয়খনিত আতংকৰ সৃষ্টি হৈছিল। লোকজনক কোভিড ৱাৰ্ডলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ লগতে চাৰ্জিকেল ৱাৰ্ডৰ ওপৰ মহলাক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে আন তিনিজন ৰোগীসহ তিনি গৰাকী ৰোগীৰ অভিভাৱকো আছিল বিভাগটোত। ইফালে 4 গৰাকী ডাক্তৰ, 2 গৰাকী নাৰ্চ আৰু এজন ই চি জি টেকনিচিয়েনক কোৱাৰেন্টাইনলৈ পঠিওৱা হৈছে। চহৰৰ খনৰ অৰ্চনা হাস্পাতালত কৰ্মৰত এগৰাকী ৰেডিঅ' গ্ৰাফাৰৰ দেহটো পোৱা গৈছে কোভিড-19 পজিটিভ । ৬০ উৰ্ধৰ ৰেডিঅ গ্ৰাফাৰ গৰাকী পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল। ইয়াৰ লগতে ডিব্ৰুগড়ৰ ভি জি হাস্পাতালৰ এগৰাকী ৭০বছৰীয়া নাৰ্চৰ দেহটো ক‘ৰণা পোৱা গৈছে। নাৰ্চ গৰাকী কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ পৰা আহিছিল। এই তথ্য জনাইছে ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ নৱজ্যোতি গগৈয়ে। ভয়াবহ ভাবে ক‘ৰণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে কেইবাজনো বয়োজেষ্ঠ লোকৰ মাজত কোভিড-19 পজিটিভ পোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগক।

ইপিনে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 9434 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6106 গৰাকীকৈ লোক ৷ আনহাতে ৰাজ্যখনত কৰ’ণা আক্ৰান্তত বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3311 টা ঘটনা ৷ 2 জুলাইত ৰাজ্যখনত মুঠ 479 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ বটদ্ৰৱাই বাৰুকৈয়ে টানিছে ৰকিবুল-প্ৰদ্যুতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.