ETV Bharat / state

শিক্ষামন্ত্ৰীক গৰিহণা ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ

শিক্ষামন্ত্ৰীয়ে সংগীতৰ শিক্ষক সকলক লৈ কৰা এক মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভা । শিক্ষামন্ত্ৰী গৰাকীক ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ।

শিক্ষামন্ত্ৰী ডাঙৰীয়া, সংগীত কলাক লৈ নকৰিব বিৰূপ মন্তব্য: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা

author img

By

Published : May 22, 2021, 1:47 PM IST

ডিব্ৰুগড়,22 মে’: অসমৰ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰীয়ে সংগীতৰ শিক্ষক সকলক লৈ কৰা এক মন্তব্যৰ পাচতেই সোচ্চাৰ হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভা । স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সম্পাদক হিমালয় বাৰিকৰ লগতে সভাপতি পৱন গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ যোগেদি শিক্ষামন্ত্ৰী গৰাকীক এনে মন্তব্য ভৱিষ্যতে নকৰিবলৈ দিলে প্ৰদান কৰে সকিয়নি ।

শিক্ষামন্ত্ৰীয়ে সংগীত শিক্ষকক লৈ কৰা মন্তব্যৰ ক্ষোভ প্ৰকাশ

স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দুই বিষয়ববীয়াৰ প্ৰতিক্ৰিয়া "অসমৰ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগু ডাঙৰীয়াই সংগীত শিক্ষক সকলক লৈ যি মন্তব্য কৰিলে সেয়া নিঃসন্দেহে গৰিহণাৰ যোগ্য । আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰো আৰু সমান্তৰালভাৱে দাবী জনাও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ লগতে প্ৰতিটো কেন্দ্ৰক সোনকালেই বিভাগলৈ উন্নীত কৰি শিক্ষক নিযুক্তি আৰু আন্তঃগাঠনি উন্নয়ন সম্পন্ন কৰে ।"

উল্লেখ্য যে, কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নহয়, শিক্ষামন্ত্ৰীয়ে সংগীতৰ শিক্ষক সকলক লৈ কৰা এক মন্তব্যক লৈ ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকল এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.