ETV Bharat / state

নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান পৰেশ বৰুৱাক - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

অইল ইণ্ডিয়া লিমিটেডে (Oil India Ltd)ৰ কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন সন্দৰ্ভত আলফা (স্বা)ই কৰা মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ ৷ আগন্তুক দিনত থলুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভেদকামী মন্তব্য আগবঢ়াই নিৱনুৱাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আলফা (স্বা)ক আহ্বান সংগঠন দুটাৰ ৷

dibrugarh-students-unions-react
ছাত্ৰ সংগঠনৰ প্রতিক্রিয়া
author img

By

Published : Jul 7, 2021, 5:45 PM IST

মৰাণ, 7 জুলাই : অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Ltd) কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন সন্দৰ্ভত আলফা (স্বা)ই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলাৰ দল-সংগঠনসমূহে । দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰে‌ প্ৰত্যাহ্বান জনায় আলফাৰ বিবৃতিক ৷ তেওঁলোকে কয় যে, অইল ইণ্ডিয়া লিমিটেডত খনন হোৱা অঞ্চলসমূহৰ স্থানীয় ৰাইজে বহু ত্যাগ কৰিবলগীয়া হয় । বহু লোকে ঘৰ-বাৰী, কৃষি-ভূমি হেৰুৱাবলগীয়া হৈছে । অপাৰেশ্যন (Operation) এলেকাৰ বিকট শব্দৰ ফলত নিগৰিত হোৱা বিভিন্ন ৰাসায়নিক দ্ৰব্যই অশান্তিকৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে ৷

সেয়েহে The Oil Industry Act, 1974ত মাটি আৰু পৰিৱেশ বিনষ্টৰ এক দক্ষগত গ্ৰেড 1 ৰ পৰা 7লৈকে অইল ইণ্ডিয়া লিমিটেডে মাথো খনন আৰু উৎপাদন হোৱা অঞ্চলসমূহৰ শিক্ষিত নিৱনুৱাসকলক এৰি দিবৰ বাবে স্পষ্টকৈ উল্লেখ কৰা আছে ৷ যদিহে অইলে বিচৰামতে সেই পদসমূহ যোগ্যতাভিত্তিক অনুসৰি পূৰ্ণ নহয়, তেতিয়া ৰাজ্যত অন্যান্য জিলাভিত্তিক আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে । গ্ৰেড 7 লৈকে যিমানবোৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয়, সেইবোৰ অইল অধ্যুষিত এলেকাৰ বাবে সংৰক্ষিত কৰা আছে ।

কিন্তু গেড 7 ৰ ওপৰৰ যিমানবোৰ পদ মুকলি হয়, তাত অসমৰ সকলো জিলাৰ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । ইয়াৰ লগতে যিকেইখন জিলাৰ মাজেৰে অইলৰ পাইপলাইন প্ৰৱাহ হৈছে, সেইসমূহ জিলাৰ বাবে বিশেষভাৱে নিযুক্তিৰ ব্যৱস্থাত অৱহেলা গ্ৰহণ কৰি আহিছে । সেয়েহে আলফাই জনোৱা দাবী কোনোপধ্যে বাস্তৱসন্মত হ’ব নোৱাৰে বুলি ছাত্ৰ সংগঠনৰ নেতৃত্বই উল্লেখ কৰে ৷

ছাত্ৰ সংগঠনৰ প্রতিক্রিয়া

ইয়াৰোপৰি সংগঠন দুটাই কয় যে, ৰাজ্যখনৰ বহু সমস্যাৰ লগতে অসমীয়া জাতীয় উদ্যোগটোক কেন্দ্ৰীয় চৰকাৰ আৰু এটা অনা-অসমীয়া লবীয়ে সময়ে সময়ে ব্যক্তিগতকৰণৰ বাবে ষড়যন্ত্ৰ কৰি আহিছে ৷ এই বিষয়ত মৌন হৈ থকা পৰেশ বৰুৱা (Paresh Baruah)ই OIL অধ্যুষিত অঞ্চলৰ বাবে মুকলি কৰা কনিষ্ঠ সহায়ক পদৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় নিৱনুৱাসকলে ।

বর্তমান অইল ইণ্ডিয়া লিমিটেডত বহু বহিৰাগত ব্যক্তিগত কোম্পানীয়ে হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰি আছে । এই সন্দৰ্ভতো আলফা (স্বা)ই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । কিছুদিন পূৰ্বে কুইপ’ নামৰ ব্যক্তিগত কোম্পানীৰ সৈতে আলফা (স্বা)ৰ আলোচনাৰ অন্তত উক্ত কোম্পানীটোৱে 5 হাজাৰ অসমীয়া নিৱনুৱাক মকৰল কৰাৰ কথা আলফা (স্বা)ই বিবৃতিত প্ৰকাশ কৰিছিল ।

উক্ত আলোচনা অনুসৰি কিমান অসমীয়া আৰু কোন কোন যুৱকে নিযুক্তি লাভ কৰিলে, সেয়া আলফা (স্বা)ই অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰিব লাগে ৷ লগতে অনাগত দিনত থলুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভেদকামী মন্তব্য আগবঢ়াই নিৱনুৱাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠন দুটাই ।

লগতে পঢ়ক : GMCH ত ২০০ খন ICU যুক্ত বিচনা মুকলি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.