ETV Bharat / state

দ্ৰোণ কেমেৰাৰ জৰিয়তে লকডাউন ভংগকাৰীৰ ওপৰত শেন চকু ডিব্ৰুগড় আৰক্ষীৰ

author img

By

Published : Apr 4, 2020, 12:18 PM IST

দ্ৰোণেৰে ৰেকৰ্ডিং কৰা হৈছে ডিব্ৰুগড় জিলাৰ প্ৰতিটো অঞ্চলৰ সামগ্ৰীক পৰিৱেশ ৷

দ্ৰোণেৰে ৰেকৰ্ডিং কৰা হৈছে ডিব্ৰুগড় জিলা

ডিব্ৰুগড়, 4 এপ্ৰিলঃ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড় প্ৰশাসনে ৷ এতিয়াৰ পৰা দ্ৰোণ কেমেৰাৰ জৰিয়তে লকডাউন ভংগকাৰীৰ ওপৰত শেন চকু ৰাখিব আৰক্ষীয়ে ৷ ইতিমধ্যে দ্ৰোণেৰে ৰেকৰ্ডিং কৰা হৈছে জিলাখনৰ প্ৰতিটো অঞ্চলৰ সামগ্ৰীক পৰিৱেশ ।

'লক ডাউনক' লৈ অধিক কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষী-প্ৰশাসন। লক ডাউনৰ সময়ত ডিব্ৰুগড় আৰক্ষীয়ে ১১ টা গোচৰ পঞ্জীয়ন কৰা লগতে ১৭ জনক লক ডাউন ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ ৩৩০ খন মটৰচাইকেল জব্দ কৰা লগতে চাৰিচকীয়া বাহন ১১ খন আৰু তিনিচকীয়া বাহন দুখন জব্দ কৰিছে জিলা আৰক্ষীয়ে।

আনহাতে ডিব্ৰুগড়লৈ অন্য জিলাৰ পৰা কোনো শাক-পাচলি অহাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.