মৰাণ, 8 আগষ্ট: সমাগত ভাৰতবৰ্ষৰ 75 সংখ্যক স্বাধীনতা দিৱস(75th years of Independence of India) । স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি ইতিমধ্যে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । বিশেষকৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ (Har Ghar Tiranga Abhiyan)। ইয়াৰ মাজতে ডিব্ৰুগড়ৰ ৰাজপথত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ।
হাতে হাতে ত্ৰিৰংগা লৈ ডিব্ৰুগড়ৰ ৰাজপথত আৰক্ষীয়ে বাহিৰ কৰিলে ৰেলী(Dibrugarh Police rally for Azadi Ka Amrit Mahotsav) । আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰ নাগৰিকৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ উপলক্ষে সজাগতা ৰেলীৰ আয়োজন কৰে ডিব্ৰুগড় আৰক্ষীয়ে(Har Ghar Tiranga march by Dibrugarh Police) ।
এই ৰেলীত ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত প্ৰায় তিনি শতাধিক আৰক্ষী জোৱানে পদযাত্ৰা ৰেলীত অংশ লৈ বন্দে মাতৰম ধ্বনি দিয়া পৰিলক্ষিত হয় । ডিব্ৰুগড় সদৰ থানাৰ পৰা আৰম্ভ কৰা এই ৰে'লী চৌকিডিংগী খেল পথাৰত সফল সামৰণি কৰে । লগতে দেশবাসীৰ উদ্দেশ্যে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা লগোৱাৰ আহ্বান জনোৱাৰ লগতে এক সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষকগৰাকীয়ে ।
লগতে পঢ়ক : Har Ghar Tiranga 2022: গোৰেশ্বৰত আৰক্ষীৰ উদ্যোগত সজাগতামূলক শোভাযাত্ৰা