ETV Bharat / state

Ragging in DU hostel: PNGB হোষ্টেলৰ অধীক্ষক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক জেৰা - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক জেৰা

ৰেগিং কাণ্ড সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ লগতে হোষ্টেলৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তক সোধপোছ কৰি থকা হৈছে (Probe on DU ragging incident) ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে এই কথা ।

Ragging in DU hostel
Ragging in DU hostel
author img

By

Published : Nov 30, 2022, 2:18 PM IST

ডিব্ৰুগড়, 30 নৱেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক টিংখাঙৰ পৰা নিশা আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে (DU ragging accused detained)। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ লগতে হোষ্টেলৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তক সোধপোছ কৰি থকা হৈছে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে এই কথা ।

উল্লেখ্য যে, এতিয়াও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী পলাতক হৈ আছে (DU ragging accused Rahul Chetry abscond) । আৰক্ষীৰ তৰফৰ পৰা অভিযান তীব্ৰতৰ কৰা হ'ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে । ৰেগিঙৰ ঘটনাৰ সময়ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা ঘটনাস্থলীত উপস্থিত থাকি আনন্দ শৰ্মাৰ মোবাইল ফোন কাঢ়ি লোৱা বুলি আনন্দ শৰ্মাই স্বীকাৰোক্তি দিয়ে ৷ তাৰ পাছতেই তদন্তৰ আওঁতালৈ আহিছে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকী (Police grilling PNGB hostel warden) ।

PNGB হোষ্টেলৰ অধীক্ষক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক জেৰা

আনহাতে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তকো জেৰা চলাইছে আৰক্ষীয়ে ।

যোৱা শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত জেষ্ঠ আবাসীৰ ৰেগিঙৰ বলি হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন (Dibrugarh University ragging case) ৷ ৰেগিঙৰ নামত চলা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই দিছিল ছাত্ৰজনে ৷ তাৰ পাচতেই অতি সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷

প্ৰথমাৱস্থাত এই ঘটনাক গাপ দিবলৈ বিচৰা হৈছিল যদিও ছাত্ৰজনে সকলো কথা পৰিস্কাৰ কৰি দিয়ে (DU ragging controversy) ৷ এই ভয়ংকৰ ৰেগিং কাণ্ডৰ কথা পোহৰলৈ অহাৰ পাচতেই ৰাজ্যজুৰি ইয়াৰ প্ৰতিক্ৰিয়া দেখা যায় ৷ মুখ্যমন্ত্ৰীয়েও এই ঘটনা সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি উপযুক্ত তদন্তৰ নিৰ্দেশ দিয়ে ৷ অভিযোগ অনুসৰি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে মানসিক নিৰ্যাতন চলোৱা হৈছিল ছাত্ৰজনৰ ওপৰত ৷ পাঁচজন ছাত্ৰৰ নাম উল্লেখ কৰিছিল ভুক্তভোগী ছাত্ৰগৰাকীয়ে ৷

উল্লেখ্য যে, কেইমাহমান পূৰ্বেই ৰেংগিঙৰ বলি হৈ ছাত্ৰাবাসটোৰ অধীক্ষকক পত্ৰযোগে সকলো জনাইছিল আনন্দ শৰ্মাই ৷ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অধীক্ষকজনে ৷ যাৰ বাবে এতিয়া অধীক্ষকজনকো তদন্তৰ আওঁতালৈ অনা হৈছে ৷

লগতে পঢ়ক: DU ragging controversy: ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.