ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী - ডিব্ৰুগড় আৰক্ষী

ড্ৰাগছৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ দেওবাৰেও ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে এখন মটৰ চাইকেল জব্দ ৷

ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ডিব্ৰুগড় আৰক্ষীৰ

author img

By

Published : May 31, 2021, 8:04 AM IST

Updated : May 31, 2021, 10:30 AM IST

ডিব্ৰুগড়,31 মে’: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ দেওবাৰে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া আৰু উপ-আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰা সহ ডিব্ৰুগড় আৰক্ষীৰ এটা দলে স্থানীয় লোকৰ খবৰৰ ভিত্তিত লাচিত নগৰৰ এটা ঘৰত চলাই অভিযান ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু ব্ৰাউন ছুগাৰ ৷ লগতে আটক কৰিবলৈ সক্ষম হয় বিশ্বজিত সৰকাৰ নামৰ এজন লোকক ৷

ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ডিব্ৰুগড় আৰক্ষীৰ
ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ডিব্ৰুগড় আৰক্ষীৰ

ইফালে আৰক্ষীৰ জেৰাত আটকাধীন বিশ্বজিত সৰকাৰে ভূপেন নামৰ এজনক নিষিদ্ধ ড্ৰাগছ সমূহ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ৷ দেওবাৰৰ এই অভিযানত AS 06 AB 7067 নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ পৰা ড্ৰাগছ ঘাটি উৎখাত কৰিবলৈ তৎপৰ হৈছে অসম আৰক্ষী ৷ ডিব্ৰুগড়তো দিনে নিশাই চলিছে ড্ৰাগছ ক'লা সাম্ৰাজ্যৰ বিৰুদ্ধে অভিযান ৷ য'ত বলিষ্ঠ নেতৃত্ব লৈছে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াই । লগতে নতুনকৈ দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড্ৰাগছ সৰবৰাহকাৰীক হুংকাৰ দিছে আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰায়ো ৷

লগতে পঢ়ক: মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 36 টা ড্ৰাগছ বিৰোধী অভিযান

Last Updated : May 31, 2021, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.