মৰাণ, 15 নৱেম্বৰঃ ডিব্ৰুগড়ৰ সোণাৰীপট্টিত ধন দাবী কৰি আটক হ’ল তিনিজনকৈ জাতীয় সংগঠনৰ নেতা ৷ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসম নামৰ জাতীয় সংগঠনৰ তিনি সদস্য ক্ৰমে অভিনাশ দাস, ৰোহন দাস আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷
উল্লেখ্য যে, শনিবাৰে ডিব্ৰুগড়ৰ সোণাৰীপট্টিত মা লখিমী জুৱেলাৰ্চ নামৰ এক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক সংগঠনটোৰ নামত ধন দাবী কৰিছিল সদস্য তিনিজনে ৷ ইয়াৰ পিছতে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে তিনিওকে ৷
লগতে পঢ়ক-নিৰ্বাপন হ'ল নেকি বাঘজানৰ অভিশপ্ত জুই?