ETV Bharat / state

Car purchased by savings coins : ১০ টকীয়া মুদ্ৰাই সপোন পূৰণ কৰিলে ছহিদুলৰ - Youth purchased Bike by savings coins

হাতত ১৫,০০০ টা ১০ টকীয়া মুদ্ৰা লৈ ডিব্ৰুগড়ৰ এটা শ্ব'ৰূমত উপস্থিত সোণাৰীৰ এজন লোক । বহু সময় ধৰি গণনাৰ অন্তত ওলাল ১.৫০ লাখ টকা । সেই ধনেৰে সপোনৰ বাহনখন ক্ৰয় কৰিলে লোকজনে (Man purchased car by savings 10 rupee coins)। ১০ টকীয়া মুদ্ৰাৰে চাৰিচকীয়া বাহন ক্ৰয় কৰা কোন এইজন লোক ?

Car purchased by savings coins
১০ টকীয়া মুদ্ৰাই সপোন পূৰণ কৰিলে ছহিদুলৰ
author img

By

Published : Jan 12, 2023, 11:28 AM IST

১০ টকীয়া মুদ্ৰাই সপোন পূৰণ কৰিলে ছহিদুলৰ

ডিব্ৰুগড়, ১২ জানুৱাৰী : মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড়ৰ এজন লোকে । সাঁচতীয়া দহ টকাৰ মুদ্ৰাৰে তেওঁ ক্ৰয় কৰিলে সপোনৰ চাৰিচকীয়া বাহন (Man purchased car by savings coins)। লোকজনৰ ধৈৰ্য্য আৰু মনৰ সাহসক সকলোৱে একেমুখে প্ৰশংসা কৰিলে ।

হয়, আচৰিত যেন লাগিলেও এয়াই সঁচা । চৰাইদেউ জিলাৰ সোণাৰিৰ ছাহিদুল হক নামৰ লোকজনে বহু দিন ধৰি ১০ টকীয়া মুদ্ৰা সঞ্চয় কৰি ৰাখিছিল । তেওঁৰ উদ্দেশ্য আছিল সপোনৰ বাহনখন ক্ৰয় কৰা । এখন বাহন ক্ৰয় কৰিবলৈ তেওঁৰ হাতত ধন নাছিল । সেয়ে নিজৰ উপাৰ্জনৰ পৰা নিতৌ তেনেদৰে ১০ টকীয়া মুদ্ৰা সঞ্চয় কৰি অৱশেষত তেওঁৰ হাতত জমা হৈছিল ১.৫০ লাখ টকা । সেই ধনেৰেই বাহনখন ক্ৰয় কৰিবলৈ তেওঁ ডিব্ৰুগড় কুমাৰনিছিগাস্থিত বৰা অটোমোবাইল শ্ব'ৰূমত উপস্থিত হয় ।

হাতত মুদ্ৰাভৰ্তি বস্তা লৈ তেওঁ উপস্থিত হয় শ্ব'ৰূমত । একেলগে ইমান পৰিমাণৰ মুদ্ৰা দেখি আচৰিত শ্ব'ৰূম কৰ্তৃপক্ষ । অৱশ্যে ছহিদুল হকক নিৰাশ নকৰিলে বৰা অটোমোবাইলে । তেওঁক বাহনখন দিয়াৰ সিদ্ধান্ত ল'লে শ্ব'ৰূমটোৰ কৰ্তৃপক্ষই (Man purchased car by savings 10 rupee coins)।

বস্তাৰ পৰা উলিয়াই দিয়া হ'ল ১০ টকীয়া মুদ্ৰাখিনি । এইবাৰ মুদ্ৰাবোৰ গণনা কৰাত শ্ব'ৰূমটোৰ সকলো কৰ্মচাৰী ব্যস্ত হৈ পৰিল । বহু সময় ধৰি গণনা কৰাৰ পাছত ১০ টকীয়া মুদ্ৰা ১.৫০ লাখ টকা গণি উলিয়ালে কৰ্মচাৰীসকলে । তাৰ পাছতে ছহিদুলৰ সপোনৰ চাৰিচকীয়া বাহনখন তেওঁক দিয়া হয় । ১.৫০ লাখ টকা আগধন লৈ শ্ব'ৰূম কৰ্তৃপক্ষই ছহিদুলক হস্তান্তৰ কৰে বাহনখন (Dibrugarh man purchased vehicle with savings coins)। ইফালে ছহিদুলৰ মনৰ হেঁপাহ পূৰণ কৰিবলৈ পায় যথেষ্ট আনন্দিত বৰা অটোমোবাইল শ্ব'ৰূমটোৰ কৰ্মচাৰীসকলে ।

উল্লেখ্য যে বিগত বছৰৰ ডিচেম্বৰ মাহত ডিব্ৰুগড়ৰ চহৰীকটাৰ পলাশ দাস নামৰ এজন উদীয়মান যুৱকে একেদৰে খুচুৰা পইচাৰে ক্ৰয় কৰিছিল এখন মটৰ চাইকেল (Youth purchased Bike by savings coins)। কেইবা বছৰ ধৰি সঞ্চয় কৰা খুচুৰা পইচাৰে তেওঁ ক্ৰয় কৰিছিল সপোনৰ মটৰ চাইকেলখন । যুৱকজনে এটকাৰ পৰা আৰম্ভ কৰি ১০ টকালৈকে মুঠ ৩৫ হেজাৰ টকা দি সংগ্ৰহ কৰিছিল ৯৫ হাজাৰ টকাৰ মূল্যৰ বাজাজ কোম্পানীৰ এখন বাহন ।

লগতে পঢ়ক :Unique bike buyer: খুচুৰা পইচা গণি গণি ভাগৰিল ডিলাৰৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.