মৰাণ,১৪ মাৰ্চ: মৰাণত ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে কংগ্ৰেছ দল । ২০১৬ চনৰ মোডী ঢৌত বিধ্বস্ত হোৱা দলটোৰ মাজত পুনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দলটোক দুৰ্বল কৰি তুলিছে । ডিব্ৰুগড় জিলা কংগ্ৰেছৰ এজনৰ পাছত আনজন কংগ্ৰেছ নেতাই নিৰ্বাচনৰ প্ৰাকক্ষণত দলত্যাগ কৰিছে ।
দেওবাৰে মৰাণ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক চক্ৰধৰ গগৈৰ লাৰুৱা মণ্ডলত দ্বিতীয়খন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই সভাতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে জাতীয় কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছ নেতা ডিব্ৰুগড় জিলাৰ সম্পাদক ৰাণা পাংগিঙে । লগে লগে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী