মৰাণ, 31 জুলাই : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) হিচাপে স্বীকৃতি লাভ কৰিলেও ৰাষ্ট্ৰীয় উদ্যান খনৰ নিৰাপত্তা আজিও সুনিশ্চিত হৈ উঠা নাই । ৰাজ্যেৰ সদ্য ঘোষিত সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানত আজিও চলি আছে বন ধ্বংস । এই বন ধ্বংস কাৰ্য ৰোধ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে (DIBRUGAHR ADMINISTRATIONS) আলোচনাত মিলিত হ'ল অৰুণাচল প্ৰদেশৰ (ARUNCHAL) দেওমালী প্ৰশাসনৰ সৈতে।
![দিহিং পাটকাই সুৰক্ষাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ অৰুণাচল প্ৰদেশৰ সৈতে বিশেষ বৈঠক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8027to8033-dibrugarhdistrictadministrationattendanimportantmeetingfordeforestationofdihingpatkai-as10031_30072021195701_3007f_1627655221_236.jpg)
বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ দেওমালীত অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ত ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰা, ডিব্ৰুগড় বন বিষয়া বিভি সন্দীপ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ উপায়ুক্ত তাৰা মিজে, তিৰাপ আৰক্ষী অধীক্ষক কাৰদক ৰিভা আৰু দেওমালী বন সংমণ্ডল প্ৰাধিকাৰীৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
এই সভাত মূলতঃ দুয়ো ৰাজ্যৰ সীমা সমস্যা সম্পৰ্কে আলোচনা হোৱাৰ লগতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ (Dehing Patkai National Park) ভিতৰ ভাগত চলি থকা বন ধ্বংস ৰোধৰ বাবে ডিব্ৰুগড় আৰু তিৰাপ বন বিভাগৰ সহযোগিতাৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয় ।
![দিহিং পাটকাই সুৰক্ষাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ অৰুণাচল প্ৰদেশৰ সৈতে বিশেষ বৈঠক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8027to8033-dibrugarhdistrictadministrationattendanimportantmeetingfordeforestationofdihingpatkai-as10031_30072021195701_3007f_1627655221_682.jpg)
নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া দীপশিখা শইকীয়া আৰু অৰুণাচল প্ৰদেশৰ উচ্চপ্ৰদস্থ বিষয়া সকল উপস্থিত থাকে এই সভাখনত।
লগতে পঢ়কঃ লাভলীনাৰ বিজয়ত উৎফুল্লিত মৰাণবাসী