ডিব্ৰুগড়, 8 জুন : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম জিলিকিল ডিব্ৰুগড়ৰ 9 বছৰীয়া এজনী কনমানিৰ । ক’ভিড (Covid) মহামাৰী মাজতে ডিব্ৰুগড়বাসীৰ বাবে সুনাম কঢ়িয়াই আনিছে বৈৰাগীমঠ নিবাসী ৰিন্টু শৰ্মা আৰু লুনা দত্ত শৰ্মাৰ 9 বছৰীয়া কন্যা আৰাধ্যা শৰ্মাই । বিজ্ঞানৰ ‘পিৰিয়ডিক টেবল’ (Periodic table) খন 15.09 চেকেণ্ডত মুখস্থ মাতি ভাৰত পৰ্যায়ত নতুন অভিলেখ গঢ়িলে ডিব্ৰুগড় ডন বস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰাধ্যাই ।
উল্লেখ যে, ইয়াৰ পূৰ্বে এই অভিলেখ আছিল 17.83 ৰ । আৰাধ্যাই এই অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰি ৰাজ্য তথা ডিব্ৰুগড়লৈ এই সুনাম কঢ়িয়াই আনিছে । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা মানপত্ৰ সহ বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে আৰাধ্যাক ৷