ETV Bharat / state

গ্ৰন্থমেলাই অসমীয়া সাহিত্য বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে : ধ্ৰুৱজ্যোতি বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:02 PM IST

আজিৰে পৰা আৰম্ভ হ'ল মিলনজ্যোতি সংঘৰ উদ্যোগত ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই মুকলি কৰে এই গ্ৰন্থমেলাৰ ।

Book Fair at Chowkidingi ground in Dibrugarh
মিলনজ্যোতি সংঘৰ উদ্যোগত ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা

গুৱাহাটী, ৮ ডিচেম্বৰঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অনুষ্ঠিত হৈছে গ্ৰন্থমেলা । গ্ৰন্থ অধ্যয়নৰ এক নতুন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে গ্ৰন্থমেলা সমূহৰ বাকৰিত উন্মোচন হৈছে বহু লেখকৰ নতুন গ্ৰন্থ । প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাৰ বাকৰিত পাঠক আৰু গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰিছে । ইয়াৰ মাজতে আজিৰে পৰা ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত আৰম্ভ হ'ল ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা ।

শুকুৰবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই গ্ৰন্থমেলা মুকলি কৰে । ইয়াৰ পিছতেই ডিব্ৰুগড় ত্ৰয়োদশ গ্ৰন্থমেলা শুভাৰম্ভ হয় । মিলনজ্যোতি সংঘৰ উদ্যোগত ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা শুভ উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই কয়, "গ্ৰন্থমেলা সমূহ আমাৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু । গ্ৰন্থ মেলাক কেন্দ্ৰ কৰিয়েই নতুন নতুন গ্ৰন্থ প্ৰকাশ পায় । গ্ৰন্থমেলা সমূহে অসমীয়া সাহিত্য বিকাশ ক্ষেত্ৰত অৰ্থৱহ আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । "

আজিৰে পৰা ১৯ ডিচেম্বৰলৈ ডিব্ৰুগড় চহৰৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা । আজি প্ৰথম দিনাৰ অনুষ্ঠানত লেখক সুমন দত্তৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'মিলনজ্যোতি' উন্মোচন কৰা হয় । এই অনুষ্ঠানত বি চি পি এলৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই, মিলনজ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন গোষ্ঠী আৰু গ্ৰন্থ বিক্ৰীৰ বিপণিয়ে অংশ লোৱা এই গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিটো দিনতেই কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি সদৰী কৰিছে উদ্যোক্তা সকলে ।

লগতে পঢ়ক:দুই মহাৰথীৰ যুঁজত থৰক-বৰক শোণিতপুৰ বিজেপি : বিপৰীত মেৰুত সিংহল-পল্লৱ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.