ডিব্ৰুগড়, 4 নৱেম্বৰ: শতবৰ্ষ অতিক্ৰম কৰা দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Dholebagan Higher Secondary School) শতবৰ্ষ সামৰণি অনুষ্ঠান তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে । চৰাইদেউ পৰ্বতৰ নামনিত ধোদৰ আলিৰ (Dhodar Ali Road) দাঁতিত বৃটিছ আমোলতে স্থাপন কৰা শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ সামৰণি অনুষ্ঠান (Hundread years closing ceremony) পুৱাৰ ভাগত মূল পতাকাৰ লগতে মুঠ 103 খন পতাকা উত্তোলনেৰে আৰম্ভ হয় ।
দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত প্ৰথমগৰাকী অধ্যক্ষ হিচাপে নিযুক্তি পোৱা সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী (Former Minister Sarat Barkataki) , উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ (MLA Dharmeswar Konwar) আৰু বিদ্যালয়খনৰ অধ্যক্ষ মোহন সন্দিকৈ এই শতবৰ্ষ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৷
দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানটোত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে ৷ ইয়াৰ পিছতেই সামৰণি অনুষ্ঠানৰ স্থায়ী স্মৃতি সৌধ উন্মোচন কৰা হয় ।
এই কাৰ্যসূচীৰ পিছতেই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্মাণ কৰা প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ আৱক্ষ মূৰ্তি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Minister Jayanta Mallabaruah) উপস্থিতিত উদ্বোধন কৰা হয় ।
প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে ‘‘মই জীয়াই থাকোতে এই দিনটো আহিব বুলি মই ভবা নাছিলো । মই মৰি গ'লেও এই বিদ্যালয়খনৰ স্মৃতিত সদায়েই থাকিব’’ বুলি নিজৰ আৱক্ষ মূৰ্তি উদ্বোধন কৰি আৱেগিক হৈ পৰে ৷ মনকৰিবলগীয়া যে, আজিৰে পৰা অহা ৬ নৱেম্বৰলৈকে আয়োজন কৰা হৈছে সামৰণি অনুষ্ঠানৰ।
শতবৰ্ষ অতিক্ৰমী ১০৩ বৰ্ষত ভৰি দিয়া চৰাইদেউ জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় ১৯১৯ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল ।
লগতে পঢ়ক: Assam Direct Recruitment Result: ৬ নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল