ETV Bharat / state

অমিত শ্বাহৰ পৰা ড্ৰাগছ নিৰ্মূলৰ দায়িত্ব লৈ সফল হ’ব নে মুখ্যমন্ত্ৰী ?

author img

By

Published : Jul 20, 2021, 12:38 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰ্পণ কৰা দায়িত্ব অনুসৰি ৰাজ্যত তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ গৃহ বিভাগে ড্ৰাগছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰিছে ৷ কিন্তু, এচাম ড্ৰাগছ আসক্ত লোকৰ তাগিদাত অসমত একে হাৰত চলি আছে ড্ৰাগছ মাফিয়াৰ বেহা ৷ সোমবাৰে নিশা চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে তিনি ড্ৰাগছ আসক্ত যুৱকক ৷

despite-of-himanta-bishwa-sarmas-police-forces-continuous-anti-drug-mission-the-racket-still-active-in-assam
অমিত শ্বাহৰ পৰা ড্ৰাগছ নিৰ্মূলৰ দায়িত্ব লৈ সফল হ’ব নে মুখ্যমন্ত্ৰী ?

মৰাণ, 20 জুলাই : সোমবাৰে নিশা চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে (Sonari Police) ড্ৰাগছসহ তিনি ড্ৰাগছ আসক্ত যুৱকক আটক কৰে । সোণাৰি আৰক্ষীৰ বিশেষ অভিযানত সোণাৰিৰ ৰজাপুখুৰীৰ ৰাইদঙীয়াত আটক কৰা হয় যুৱক কেইজনক । আটকাধীন যুৱককেইজনে ব্যৱহাৰ কৰা AS06 G 0892 নম্বৰৰ টাটা ইণ্ডিকা বাহন খনো জব্দ কৰিছে আৰক্ষীয়ে । যুৱক কেইজনৰ সোণাৰি ৰাইদঙীয়া অঞ্চলৰ জাকিৰ আহমেদ(বাবলী), ডিব্ৰুগড় জিলাৰ বাণীপুৰৰ আছিক আহমেদ আৰু ডিব্ৰুগড় জিলাৰ চাউলখোৱাৰ জয়নাল আলি বুলি জানিব পৰা গৈছে।

সোণাৰি আৰক্ষীৰ তহলদাৰী দলে পথৰ ওপৰতে ড্ৰাগছ সেৱন কৰি থকা দেখা পাই আটক কৰে যুৱক কেইজনক। মুঠৰ ওপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'লেও ঠায়ে ঠায়ে চলি আছে ড্ৰাগছৰ বেহা । শেহতীয়াকৈ, শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta bishwa Sarma)ই কাৰ্বি আংলং জিলাৰ ডিফুৰ লগতে গোলাঘাটত উপস্থিত হৈ ড্ৰাগছ দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷

despite-of-himanta-bishwa-sarmas-police-forces-continuous-anti-drug-mission-the-racket-still-active-in-assam
সোণাৰিত আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছ

বিগত দুটা মাহে অসম আৰক্ষীৰ (Assam Police) নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানৰ সফলতাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই ড্ৰাগছ দাহ কৰা কাৰ্যসূচীত অংশ লোৱাত এই ব্যৱসায়ৰ প্ৰকোপ কমিব বুলি আশা কৰিছিল ৰাজ্যবাসীয়ে ৷ কিন্তু, ইমানৰ পিছতো ৰাজ্যত এচাম ড্ৰাগছ আসক্ত লোকৰ তাগিদাত অব্যাহত আছে ড্ৰাগছ মাফিয়াৰ ব্যৱসায় ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শেহতীয়া এটা সাক্ষাতকাৰত উল্লেখ কৰিছে, পূৰ্বতে অসম ড্ৰাগছ মাফিয়াসকলৰ বাবে সমগ্ৰ ভাৰতবৰ্ষলৈ যোৱাৰ ক’ৰিডৰ(drugs corridor) আছিল ৷ অৱশ্যে এতিয়া অসম এখন ড্ৰাগছ গ্ৰহণকাৰী ৰাজ্যলৈ (drugs consuming state) পৰিৱৰ্তিত হৈছে ৷ সেইবাবে তেওঁ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (union home minister Amit Shah) তেওঁক ড্ৰাগছ নিৰ্মূলৰ দায়িত্ব অৰ্পণ কৰিছিল ৷

পৰৱৰ্তী সময়ত, ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ শাসনভাৰ হাতত লোৱাৰ লগে লগেই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি হাতত লৈছিল ৷ তেওঁৰ এই স্থিতিত সমৰ্থন জনাই অসম আৰক্ষীৰ প্ৰতিখন জিলাৰ আৰক্ষী বিষয়া, জোৱানে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাই আছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাত উল্লেখ কৰিছে যে, অসমত ড্ৰাগছৰ নামত প্ৰায় 400 কোটি টকাৰ ব্যৱসায় চলি আছে গতিকে, এই বৃহৎ ব্যৱসায় নিয়ন্ত্ৰণত যথেষ্ট বাধা অহাটো স্বাভাৱিক ৷

লগতে পঢ়ক : পুনৰ চৰ্চাত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.