মৰাণ,13 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ অতি পুৰণি বাছ আস্থান মুৰুলীধৰ জালান বাছ আস্থানটো দেওবাৰে পুৱাৰ ভাগত পৰিদৰ্শন কৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ ক্ৰমাৎ জৰাজীৰ্ণ অৱস্থাত থকা এই পুৰণি বাছ আস্থানটো পুনঃনিৰ্মাণৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷
কনভয় ৰোডৰ সমীপত থকা মুৰুলীধৰ জালান বাছ আস্থানটো অধিক উন্নত কৰাৰ বাবে ডিব্ৰুগড় পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা 50 লাখ টকাৰ পুঁজি নিৰ্ধাৰণ কৰাৰ পাচত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰে পৌৰসভাৰ বিষয়ববীয়াৰ সৈতে বাছ আস্থানটো উন্নীতকৰণৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰে ৷
ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে পৌৰসভাৰ বিষয়ববীয়াক অতি শীঘ্ৰেই এক নতুন প্ৰকল্প প্ৰস্তুত কৰি নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে ৷
লগতে পঢ়ক : তিতাবৰত বিশেষভাৱে সক্ষম লোকৰ ভোটাৰ তালিকাৰ শুধৰণি