ETV Bharat / state

লেঙেৰীজানত শ্ৰমিক আৱাসিক এলেকা উদ্বোধন

author img

By

Published : Apr 7, 2021, 10:43 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ডিব্ৰুগড়ৰ লেঙেৰীজান চাহ বাগিচাত নিৰ্মাণ কৰা শ্ৰমিক আৱাসিক এলেকা মঙলবাৰে উদ্বোধন কৰা হয় । শ্ৰমিক আৱাসিক এলেকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

লেঙেৰীজানত শ্ৰমিক আৱাসিক এলেকা উদ্বোধন জিলা উপায়ুক্তৰ

মৰাণ,৭ এপ্ৰিল: মঙলবাৰে উদ্বোধন কৰা হ'ল ডিব্ৰুগড়ৰ জয়পুৰ উন্নয়ন খণ্ডৰ ধাদুমীয়া গাওঁ পঞ্চায়তৰ অধীনৰ লেঙেৰীজান চাহ বাগিচাত নিৰ্মাণ কৰা শ্ৰমিক আৱাসিক এলেকা । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(গ্ৰামীণ) ৰ অধীনত এই শ্ৰমিক আৱাসিক এলেকা নিৰ্মাণ কৰা হৈছে । মঙলবাৰে এলেকাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । এই আৱাসিক এলেকাত চাহ বাগিচাৰ ভূমিহীন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(গ্ৰামীণ)ৰ হিতাধিকাৰীসকলক এক সুস্থ পৰিৱেশত থকাৰ সুবিধা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

শ্ৰমিকসকলে থকাৰ উপযোগী হোৱাকৈ মুঠ ২৭টা বাসগৃহ নিৰ্মাণ কৰা হৈছে । এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰীণা মেছ, অতিৰিক্ত উপায়ুক্ত ৰাজীব থাপা, লেঙেৰীজান চাহ বাগিচাৰ পৰিচালক বিশাল সিং নেৱাৰ, জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাই প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

এই নিৰ্মাণ কাৰ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পুঁজিৰ উপৰিও পঞ্চদশ বিত্তীয় আয়োগ, এমজি এনৰেগা আৰু অইল ইণ্ডিয়া লিমিটেডৰ চিএছআৰ পুঁজিৰো ব্যৱহাৰ কৰা হৈছে । লগতে এই নিৰ্মাণ কাৰ্যত সহযোগিতা আগবঢ়াইছে লেঙেৰীজান চাহ বাগিচা কৰ্তৃপক্ষ আৰু অইল ইণ্ডিয়া লিমিটেডে ।

লগতে পঢ়ক: ঢোলৰ যাদুৰে ৰাইজক মোহাছন্ন কৰি ৰখা তুলসী ওজা আজি শয্যাশায়ী!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.