ETV Bharat / state

ৰাষ্ট্ৰপতি পদক সন্মান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসলৈ - ব্ৰজেন দাসক ডিব্ৰুগড় উপায়ুক্তৰ সম্বৰ্ধনা

ৰাষ্ট্ৰপতি পদকৰে সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসক ডিব্ৰুগড় উপায়ুক্তৰ সম্বৰ্ধনা ।

ৰাষ্ট্ৰপতি পদক সন্মান ব্ৰজেন দাসলৈ
ৰাষ্ট্ৰপতি পদক সন্মান ব্ৰজেন দাসলৈ
author img

By

Published : Jan 29, 2021, 8:52 PM IST

ডিব্ৰুগড়, ২৯ জানুৱাৰী: কৰ্মক্ষেত্ৰখনত উৎকৃষ্ট সেৱা আগবঢ়াই অহা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসক ৰাষ্ট্ৰপতি পদক সন্মান । অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী অধীক্ষকক শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সম্বৰ্ধনা জনায় ।

ব্ৰজেন দাসক ডিব্ৰুগড় উপায়ুক্তৰ সম্বৰ্ধনা

অপৰাধীসকলৰ শাস্তি আৰু পুন সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা তথা প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসৰ নাম ৰাষ্ট্ৰপতি পদকৰ বাবে ঘোষণা কৰা হৈছিল ।

উল্লেখ্য যে, এইবাৰ কাৰাগাৰৰ বিষয়া হিচাপে ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰা সকলৰ ভিতৰত ব্ৰজেন দাস হৈছে একমাত্ৰ অসম সন্তান । ৰাজ্যৰ কাৰাগাৰসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ ভিতৰত এইবাৰ কেৱল ব্ৰজেন দাসেই ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে । ব্ৰজেন দাসে ২০১৮ চনৰ মে' মাহত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণ !

For All Latest Updates

TAGGED:

As10031
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.