ETV Bharat / state

Amazon of the East :পূৱৰ আমাজানখ্যাত দিহিং পাটকাই জিলিকি উঠিছে নানাৰঙী অৰ্কিডেৰে - Amazon of the East

আকৌ আহি পালে অসমীয়াৰ বাপতি সাহোন ব’হাগৰ বিহুটি ৷ ব’হাগক আদৰিবলৈ সাজু হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া ৷ ব’হাগৰ প্ৰাকক্ষণত নানাৰঙী অৰ্কিডেৰে জাতিষ্কাৰ হৈ পৰিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Orchids in Dehing Patkai National Park) ৷

Orchids in Dehing Patkai National Park
নানাৰঙী অৰ্কিডেৰে জাতিষ্কাৰ হৈ পৰিছে দিহিং পাটকাই
author img

By

Published : Apr 7, 2023, 10:09 AM IST

নানাৰঙী অৰ্কিডেৰে জাতিষ্কাৰ হৈ পৰিছে দিহিং পাটকাই

ডিব্ৰুগড়, 7 এপ্ৰিল : বসন্ত আগমনৰ লগে লগে প্ৰকৃতিয়ে পৰিগ্ৰহ কৰে বিনন্দীয়া ৰূপ । প্ৰকৃতিয়ে যেন কোমল কুঁহিপাতৰ ওৰণি লৈ ৰূপহীজনী হৈ পৰে ব’হাগ অহাৰ লগে লগে । ব’হাগ সমাগত হৈ পৰাৰ বতৰত জীপাল হৈ পৰা দেখিবলৈ পোৱা গৈছে চৌপাশৰ প্ৰকৃতি ৷ ঢোল পেঁপাৰ গুমগুমনি, কুলি-কেতেকীৰ বিননি, নাহৰ-তগৰ আৰু কপৌফুলে অসমবাসীক জনালেহি ব’হাগ অহাৰ আগজাননী (Rangali Bihu 2023) ।

কপৌফুল আৰু বিহুৰ আছে এক অংগাংগি সম্পৰ্ক ৷ কপৌফুলক বাদ দি বাপতি সাহোন ৰঙালী বিহুটো যেন প্ৰতিগৰাকী অসমীয়াৰ বাবে অসম্পূৰ্ণ হৈ ৰ’ব । চ’ত-ব’হাগৰ এই সময়ছোৱাতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায়বোৰ গছতেই ফক্স টেইল অৰ্কিড (Rhynchostylis retusa) অৰ্থাৎ নাচনী কপৌ, ভাটৌ কপৌ,(Dendrobium tortile) আৰু শালিকী কপৌৰ লগতে বিভিন্ন প্ৰজাতিৰ ৰঙ-বিৰঙৰ অৰ্কিড ফুলে সুশোভিত কৰি তোলাৰ দৃশ্যই সকলোৰে মন পুলকিত কৰি তুলিছে । তদুপৰি, অসমৰ অন্যতম এখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই এতিয়া জিলিকি উঠিছে নানাৰঙী অৰ্কিডেৰে ৷ অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুটিৰ আগমনৰ এই সময়ছোৱাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চ’ৰাত ফুলি উঠা অৰ্কিডে আকৰ্ষিত কৰিছে সকলোকে (Orchids in Dehing Patkai National Park) ।

কেৱল অৰ্কিড অথবা বিভিন্ন প্ৰকাৰৰ কপৌৱেই নহয় ১১১.১৯ বৰ্গ কিলোমিটাৰ সামৰি থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান উল্লেখনীয় আন বহু কাৰণত ৷ ২০২১ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাবে স্বীকৃতি লাভ কৰা দিহিং পাটকাইত আছে ৪০ তকৈ অধিক স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ টা প্ৰজাতিৰ মাছ, ৪০ তকৈ অধিক সৰীসৃপ প্ৰজাতি, বিভিন্ন প্ৰজাতিৰ শুকাঠি গছ লটিকা আৰু ১১১ টা প্ৰজাতিৰ অৰ্কিডে ভৰপুৰ এইখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ গছ লটিকাসমূহত এতিয়া এনেদৰেই প্ৰাণ পাই উঠিছে চালে চকুৰোৱা বিভিন্ন প্ৰজাতিৰ অৰ্কিড (Orchid conservation center in Dehing Patkai)।

তৃনফাইলম নামৰ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্কিডবিধো উপলব্ধ হয় এইখন ৰাষ্ট্ৰীয় উদ্যানত । আনকি এই ৰং-বিৰঙৰ অৰ্কিডসমূহে এতিয়া হাত বাউল দি মাতিছে দেশী-বিদেশী পৰ্যটকসকলক (Smallest orchids available in Dehing Patkai)।

লগতে পঢ়ক : Pranjal Moran Case Update: প্ৰায় তিনিমাহৰ অন্তত লিডুৰ কয়লাখনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.