ETV Bharat / state

বন বিভাগৰ দুৰ্বলতাৰ বাবেই ধ্বংস হৈছে জকাই বনাঞ্চল ! - দাবী

বন বিভাগৰ দুৰ্বলতাৰ বাবেই ধ্বংস হৈছে জকাই বনাঞ্চল ৷ দুষ্কৃতিকাৰীয়ে কাটি শেষ কৰিছে বনাঞ্চলৰ বহু মূল্যবান গছ ৷ উন্মুক্ত হৈ আছে বনাঞ্চল খনৰ চাৰিসীমা ৷ অভিযোগ স্থানীয় ৰাইজৰ ৷

deforestation-of-jokai-forest-due-to-neglegence-of-forest-department
বন বিভাগৰ দুৰ্বলতাৰ বাবেই ধ্বংস হৈছে জকাই বনাঞ্চল
author img

By

Published : Jun 6, 2021, 10:30 PM IST

মৰাণ, 6 জুন : চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা সময়তে বন বিভাগৰ দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবেই ধ্বংস হৈ পৰিছে ডিব্ৰুগড়ৰ জকাই বনাঞ্চল । কেইবা হাজাৰ বিঘাৰ মাটিকালি জুৰি থকা এই বনাঞ্চল খনত প্ৰতি দিনেই মূল্যবান গছ সমূহ কাটি শেষ কৰিছে দুষ্কৃতিকাৰীয়ে ।

দল সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতো বন বিভাগে বহু মূল্যবান গছ-গছনি থকা বনাঞ্চলখন সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।‌ বনাঞ্চলখনৰ চাৰিসীমাৰ এইপৰ্যন্ত উন্মুক্ত হৈ থাকিল । ফলত বিনা বাধাৰে বনাঞ্চলখন ধ্বংস কৰিছে দুষ্কৃতিকাৰীয়ে । ইফালে বনাঞ্চলৰ কাষতে লাগি থকা জকাই বন বিষয়া কাৰ্যালয়ৰ পৰা বন ধ্বংসৰ বাবে হাত উজান দিয়া বুলি ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে ।

বন বিভাগৰ দুৰ্বলতাৰ বাবেই ধ্বংস হৈছে জকাই বনাঞ্চল

কিয়নো বনাঞ্চল খন সুৰক্ষাৰ বাবে জকাই বন বিষয়া কাৰ্যালয়টো আছে যদিও কিন্তু বন বিষয়াৰ পৰা বন কৰ্মী সকলে বন ধ্বংস কৰা দেখিও নেদেখাৰ ভাও জুৰি থকা ফলতেই জকাই বনাঞ্চলৰ বহু মূল্যবান গছগছনি ইতিমধ্যে শেষ হ'ল । নতুন চৰকাৰৰ বন বিভাগে ডিব্ৰুগড় জিলাৰ অতি গুৰুত্বপূৰ্ণ জকাই বনাঞ্চল সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ৷

লগতে পঢ়ক: কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.