মৰাণ, 7 ফেব্ৰুৱাৰী : দিহিং পাটকাই অভয়াৰণ্যৰ বন ধ্বংস, পৰিৱেশৰ ভাৰসাম্যতা, শিল-বালি,কয়লা খনন, ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি এইসমূহ বিষয় লৈ ধাৰাবাহিকভাৱে বিগত বহু বছৰ ধৰি বাতৰি প্ৰকাশ পাই আহিছে । দৈনন্দিন অভয়াৰণ্যখনৰ ভিতৰচৰাত চলি থকা বন ধ্বংস আৰু অবৈধ কাঠৰ ব্যৱসায়ে ক্ৰমাৎ কোঙা কৰি পেলাইছে পূৱৰ আমাজন খ্যাত অসম গৌৰৱ দিহিং পাটকাই অভয়াৰণ্যখনক ।
![Deforestation at Dihing Patkai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8030to8032-deforestationatdihingpatkai-as10031_07022021190615_0702f_1612704975_652.jpg)
উল্লেখ্য যে, এই অবৈধ কামকাজ আৰু বন ধ্বংসৰ লগত জড়িত দুষ্টচক্ৰক ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা লোৱাৰ উদ্দেশ্যে প্ৰশাসন তথা উৰ্দ্ধতম কৰ্তৃপক্ষই কাৰ্যপন্থা হাতত লোৱা দেখা গৈছিল যদিও কাৰ্যত ই হ'ল গৈ এক ভেকো-ভাওঁনা । শেহতীয়াকৈ, অভয়াৰণ্যখনৰ ভিতৰৰ বিভিন্ন স্থানত অবৈধ ব্যৱসায়ী আৰু বন বিভাগৰ মিতিৰালিৰ ফলস্বৰূপে পৰি ৰৈছে শ শ জোপা বৃহৎ আকাৰৰ মূল্যৱান গছ আৰু কুণ্ডা ।
লগতে পঢ়ক : গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা
দৈনিক শ শ গছৰ ধ্বংসযজ্ঞ আৰু চোৰাং কাঠৰ ব্যৱসায় দেখিও চকু মুদা কুলিৰ ভাওত মগ্ন বন বিভাগ । 2021 চনৰ প্ৰথম দিনটোতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এক ঘোষণাৰ যোগেদি অসম চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত কৰাৰ আনুষ্ঠানিক কামকাজ তথা বনাঞ্চলখনৰ এলেকাৰ ভিতৰত থকা ভূমি সম্পৰ্কীয় যিকোনো স্বত্ব বা দাবী নিৰ্দিষ্ট প-পত্ৰত লিখি বন সংমণ্ডল প্ৰাধিকাৰী, ডিব্ৰুগড় আৰু ডিগবৈৰ হাতত জাননী জাৰি কৰাৰ দুমাহৰ ভিতৰত জমা দিবলৈ জনসাধাৰণক আহ্বান জনাইছিল ।
![Deforestation at Dihing Patkai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8030to8032-deforestationatdihingpatkai-as10031_07022021190615_0702f_1612704975_314.jpg)
স্বাভাৱিকতে চৰকাৰৰ এই পদক্ষেপ আৰু ঘোষণাক আদৰণি জনাই প্ৰকৃতিপ্ৰেমীৰ লগতে বিভিন্ন দল-সংগঠন তথা ৰাইজে বনাঞ্চলখনৰ এক সুন্দৰ ভৱিষ্যৎ আশা কৰিছিল যদিও শেহতীয়াকৈ ঘটা এই ধাৰাসাৰ বন ধ্বংসই নিদ্ৰা হৰিছে সকলোৰে । বনাঞ্চলখনৰ ভিতৰত বিভিন্ন স্থান যেনে, শুকানজুৰি, নাগফান, কঠালগুৰি, দিল্লীঘাট আদিত এক্সেভেটৰৰ দৰে আধুনিক যন্ত্ৰ-পাতিৰ দ্বাৰা দুষ্টচক্ৰই প্ৰকৃতিৰ ওপৰত চলোৱা আতিশায্য আৰু পৰি ৰোৱা মহা মূল্যৱান কাঠৰ পৰিমাণলৈ লক্ষ্য কৰিলে শংকিত হ'ব যিকোনো চাক্ষুষকাৰী । এতিয়া বন বিভাগৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ লগতে আৰক্ষীৰ দায় সৰা ভূমিকাৰ ফলস্বৰূপে তীব্ৰ সংকটত পৰি স্বকীয়তা হেৰুওৱাৰ উপক্ৰম ঘটিছে পৃথিৱী বিখ্যাত দিহিং পাটকাই অভয়াৰণ্য । চৰকাৰী নথিপত্ৰত দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হোৱালৈকে এই গতিত বন ধ্বংস হৈ থাকিলে এক শুকান মৰুভূমিকলৈ যে বিভাগে ফলক লগাব নালাগিব তাৰ কোনো সন্দেহ নাই ।
লগতে পঢ়ক : দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে