ETV Bharat / state

মৰাণৰ দিৰৈ ঘাটত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ - মৃতদেহ উদ্ধাৰ

দিৰৈ ঘাটত উদ্ধাৰ হৈছে এগৰাকী 10 বছৰীয়া ছাত্ৰীৰ মৃতদেহ ৷ 14 মে'ৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাচতে হিংৰিজান তেলবাৰী লাইনৰ কিৰণ ঘাটোৱাৰৰ কন্যা পঞ্চম শ্ৰেণীত অধ্যয়নৰত মহিমা ঘাটোৱাৰ বুলি চিনাক্ত কৰা হৈছে ৷

Death body of a  girl Student recused at Moran
মৰাণৰ দিৰৈ নৈৰ দিৰৈ ঘাটত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ
author img

By

Published : May 17, 2021, 6:59 AM IST

মৰাণ,17 মে': দেওবাৰে মৰাণৰ দিৰৈ ঘাটতত উদ্ধাৰ হৈছে এগৰাকী 10 বছৰীয়া ছাত্ৰীৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰৰ পাচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ আৰক্ষীৰ উপস্থিতিত স্থানীয় লোকে মৃতদেহটো পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, মৃতদেহটো চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত হিংৰিজান তেলবাৰী লাইনৰ কিৰণ ঘাটোৱাৰৰ কন্যা পঞ্চম শ্ৰেণীত অধ্যয়নৰত মহিমা ঘাটোৱাৰ বুলি জানিব পৰা গৈছে ৷ ছাত্ৰীগৰাকী 14 মে'ৰ পৰা সন্ধানহীন হৈ আছিল । কিন্তু দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱাত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ৯ টা পৰামৰ্শৰে মুখ্যমন্ত্রীলৈ ৰিপুন বৰাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.