মৰাণ,৬ আগষ্ট : অসমৰ চাহ বাগিচা অঞ্চলৰ উন্নয়ন আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে প্ৰতিখন চৰকাৰে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি আহিছে । নিৰ্বাচন আহিলেই বিভিন্ন ধৰণৰ উন্নয়নৰ কথা কৈ নেতাসকলে চাহ বাগিচা অঞ্চলৰ ৰাইজক ভুৱা আশা দিয়া দেখিবলৈ পোৱা যায় । কিন্তু স্বাধীনতাৰ ইমান বছৰৰ পাছতো চাহ বাগিচা অঞ্চলসমূহৰ শিক্ষা ব্যৱস্থা অতি দুখ লগা হৈয়ে আছে । সেয়ে চাহ বাগিচা অঞ্চলসমূহৰ বিদ্যালয়ত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন (Dibrugarh District administration)।

চাহ বাগিচা অঞ্চলত (Tea garden area) থকা বিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন অসুবিধা সন্দৰ্ভত বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । ইউনিচেফ (UNICEF)ৰ দ্বাৰা হোৱা জৰীপৰ ওপৰত ভিত্তি কৰি উক্ত সভাখনত শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰা, শিশুৰ বিশেষ প্ৰয়োজনৰ আৱশ্যকতা, বিদ্যালয়সমূহত বিদ্যুতৰ ব্যৱস্থা, প্ৰবাহিত হৈ থকা পানীৰ ব্যৱস্থা তথা শৌচাগাৰ আৰু প্ৰসাৱগাৰৰ ব্যৱস্থা ইত্যাদিৰ উপলব্ধতাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় । এই সুবিধা নথকা বিদ্যালয়সমূহত কম দিনৰ ভিতৰতে সকলো সুবিধা উপলব্ধ কৰিবলৈ বিভাগৰ বিষয়াসকলক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ।

ইয়াৰ উপৰিও চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ক'ভিড প্ৰতিষেধক (Covid vaccine) গ্ৰহণ কৰাৰ বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে যিসকলে এতিয়াও গ্ৰহণ কৰা নাই তেওঁলোকক অতি শীঘ্ৰেই এই ক'ভিড টীকা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে ।
ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত (শিক্ষা) জোনোমণি সোণোৱাল, অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ) বিশ্বজিৎ ফুকন, মহকুমাধিপতি (সদৰ) দেৱাশীষ বৰা উপস্থিত থাকে । লগতে সহকাৰী আয়ুক্ত ক্ৰমে হেমা নায়ক, পাপৰি দাস, বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী, অসম শক্তি বিতৰণ কোম্পনী লিমিটেডৰ (APDCL) মুখ্য কাৰ্য্যবাহী বিষয়া অভিজিত শইকীয়াৰ লগতে ইউনিচেফৰ(UNICEF) পৰামৰ্শদাতা মল্লিকা দাসো এই সভাত উপস্থিত থাকে ।
লগতে পঢ়ক :বোকাজানত নিষিদ্ধ হেৰ'ইনসহ যুৱক গ্ৰেপ্তাৰ