ETV Bharat / state

দৈনিক তিনিশ ক'ভিড ৰোগী ওলোৱাটো বৰ বেছি নহয় : স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Oct 25, 2021, 8:53 PM IST

বিগত কেইদিনমানৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ ভিন্ন স্থানত ক'ভিডত আক্ৰান্ত হৈছে বহু ছাত্ৰ-ছাত্ৰীও ৷ ইয়াৰ মাজতে এইবাৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিয়ে গা এৰা মন্তব্য ৷ যাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

Minister Keshab Mahanta
দৈনিক তিনিশ ক'ভিড ৰোগী ওলোৱাটো বৰ বেছি নহয় : স্বাস্থ্যমন্ত্ৰী

মৰাণ, 25 অক্টোবৰ : দুৰ্গা পূজাৰ পাছৰে পৰা ৰাজ্যত ক'ভিড ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাজ্যৰ বহু ঠাইত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ো আক্ৰান্ত হৈছে ক'ভিডত । ক'ভিড ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়টোক লৈ চিন্তিত বুলি উল্লেখ কৰিছিল ।

কিন্তু ৰাজ্যত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো স্বাস্থ্য বিভাগৰ বাবে কোনো চিন্তাৰ বিষয় নহয়, তাকে যেন প্ৰতিপন্ন কৰিবলৈ এইবাৰ চেষ্টা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । দেওবাৰে থাওৰাৰ এখন ৰাজনৈতিক সভাত অংশ লৈ দৈনিক তিনিশ ক'ভিড ৰোগী ওলোৱাটো বৰ বেছি নহয় বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰচাৰ সভাত ক'ভিড পৰিস্থিতিৰ বাবে পুনৰ লকডাউন হ'ব নেকি, এই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত খং উঠিলে স্বাস্থ্যমন্ত্ৰী গৰাকীৰ । মন্ত্ৰীগৰাকীয়ে কয় যে, ‘ক'ভিড পুনৰ বৃদ্ধি হোৱা বিষয়টো ইতিমধ্যে পৰ্যালোচনাত আছে । বৰ বেছি হোৱা নাই ৷ পূৰ্বে প্ৰতিদিনে দুশ ওলাইছিল আৰু এতিয়া তিনিশ ওলাইছে । লকডাউন পুনৰ হ'ব নে নাই সেই কথা পৰিস্থিতি চাইহে ক'ব স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে’ ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বলৈকে ক’ভিড-১৯ ৰ প্ৰকোপ শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত আনিছিল কিছু শিথিলতা ৷ কিন্তু শেহতীয়াকৈ দুৰ্গা পূজাৰ পাছৰে পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ইফালে অহা 30 অক্টোবৰত ৰাজ্যত অনুস্থিত হ’ব উপ নিৰ্বাচন ৷

এনে সময়ত নিজেই ক'ভিড নীতি ভংগ কৰি নিৰ্বাচনী প্ৰচাৰ সভা পতা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ভৱিষ্যতে ক'ভিড সম্পৰ্কীয় কেনে নীতি-নিৰ্দেশনা(SOP) ঘোষণা কৰে সেইয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : মৌ-পালনেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে দাৰা চৌহানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.