ETV Bharat / state

মৰাণত ১৮৫৬ জনলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 22, 2021, 11:05 AM IST

মৰাণত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ১৪৯৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

মৰাণত ১৮৫৬ জনলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা
মৰাণত ১৮৫৬ জনলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা

মৰাণ, ২২ মে': ৰাজ্যৰ ডিব্ৰুগড় জিলাতো অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ । জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰৰ দিনটোতে ৬৮ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়াৰে ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬৫ জন, ২ জন চৰাদেউৰ আৰু ১ জন শিৱসাগৰ জিলাৰ নিৱাসী বুলি জানিব পৰা গৈছে ।

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ১৪৯৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ক'ভিড আক্ৰান্তসকলক ২৬ জনক মৰাণ নবোদয় বিদ্যালয়, জকাই, লেজাই, লেঙেৰী, ডিকম ক'ভিড কেয়াৰ কেন্দ্ৰত ৰখা হৈছে । ইফালে, বাকীকেইজনক হোম আইছলেচনত ৰখা হৈছে ।

চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত শুকুৰবাৰে ৬ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৩৫৭ গৰাকী ক'ভিড আক্ৰান্ত হৈছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলকে হোম আইছলেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ১৮৫৬ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত ১৯ জন লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

লগতে পঢ়ক: সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.