ETV Bharat / state

কোৱাৰেন্টাইনত থকা যুৱকৰ আত্মগোপনক লৈ টিংখাঙত আতংক

author img

By

Published : Apr 17, 2020, 11:23 AM IST

টিংখাঙৰ কুঁৱৰীগাঁৱৰ পৰা বুধবাৰে টিংখাং আৰক্ষীয়ে আটক কৰে কোৱাৰেন্টাইনত থকা এজন ব্যক্তিক ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷

Crisis situation at Tinkhang when a quarantine patient hide himself
কোৱাৰেন্টাইনত থকা যুৱকৰ আত্মগোপনকলৈ টিংখাঙত আতংক

টিংখাং,17 এপ্ৰিল: বিশ্বজুৰি কৰ'ণাৰ সন্ত্ৰাসৰ বাবে দেশজুৰি অব্যাহত থকা লক ডাউনৰ মাজতে টিংখাঙত ভয়ংকৰ ঘটনা ৷ টিংখাঙৰ কুঁৱৰীগাঁৱৰ পৰা বুধবাৰে টিংখাং আৰক্ষীয়ে আটক কৰে কোৱাৰেন্টাইনত থকা এজন ব্যক্তিক ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে মৰাণ পিয়লি নগৰৰ চলমান খান (২১) নামৰ যুৱক জনক ৷ উল্লেখ্য যে ধৃত লোকজনে নগালেণ্ডৰ জাক বস্তিত কৰ্মৰত আছিল ৷ যোৱা 29 মাৰ্চত নগালেণ্ডৰ পৰা অসমলৈ অহাৰ পাছত স্বাস্থ্য বিভাগে 30 মাৰ্চৰ পৰা 13 এপ্ৰিললৈকে হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল যুৱকজনক ৷ জানিব পৰা মতে চলমান খানে 13 এপ্ৰিলৰ দিনা মৰাণ ৰাজহ চক্ৰ বিষয়াৰ পৰা পত্নীৰ ঔষধ ক্ৰয়ৰ অজুহাত দেখুৱাই এদিনৰ বাবে টিংখাঙলৈ যোৱাৰ অনুমতি লাভ কৰিছিল ৷ উক্ত দিনাই চলমান খানে আইনুল ইছলাম নামৰ এজন বন্ধুৰ লগত টিংখাঙৰ কুঁৱৰীগাঁৱৰ শহুৰেক হাছান ইছলামৰ ঘৰলে মটৰ চাইকেলেৰে আহি 3 দিন আত্মগোপন কৰি আছিল ৷

বুধবাৰে স্থানীয় কিছুসংখ্যক লোকে চলমান খানৰ হাতত থকা ষ্টাম্পৰ চিন প্ৰত্যক্ষ কৰাৰ পাচতে এক হুৱাদূৱা পৰিৱেশৰ সৃষ্টি হয় কুঁৱৰীগাঁৱত ৷ ইয়াৰ পাছতে কুঁৱৰীগাঁৱৰ গাঁও পঞ্চায়তৰ সভাপতি,স্থানীয় গাঁওবুঢ়া আশ্ৰয়দাতা হাছেন হুছেইনৰ ঘৰত উপস্থিত হৈ গোটেই বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰে ৷ টিংখাং আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক আইন অমান্য কৰাৰ গোচৰত আটক কৰিছে যদিও বিষয়টোত আৰক্ষীয়ে অধিক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে একাংশই ৷ ইফালে স্থানীয় বাসিন্দা সকলে চলমান খানে আশ্ৰয় গ্ৰহণ কৰা শহৰেকৰ ঘৰৰ সকলো লোকক কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে অঞ্চলটোত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনক ৷

লগতে পঢ়কঃ অসমত সম্পূৰ্ণ সুস্থ ৫ গৰাকী কৰ'ণা ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.