ETV Bharat / state

বিজেপি চৰকাৰ দুখীয়া বিৰোধী : কবিতা কৃষ্ণণ - দধীয়া

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)ৰ গৃহ পঞ্চায়ত চাবুৱাৰ দধীয়াৰ পৰিস্থিতি বুজ লয় CPI(ML)ৰ নেত্ৰী (Kavita Krishnan)য়ে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰে নেত্ৰীগৰাকীয়ে ৷

cpi ml leader kavita krishnan visited to dodhia
দধীয়াত চিপিআই নেত্ৰী কবিতা কৃষ্ণণ
author img

By

Published : Sep 28, 2021, 4:04 PM IST

মৰাণ, 28 ছেপ্তেম্বৰ : খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে খিলঞ্জীয়া মানুহক সংস্থাপন দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ছিপাঝাৰৰ গৰুখুঁটি মুছলিম বসতি অঞ্চল হোৱা বাবে উচ্ছেদ চলোৱা চৰকাৰখনে দধীয়াৰ খিলঞ্জীয়া মানুহক উপেক্ষা কৰিছে ।

দধীয়াত চিপিআই নেত্ৰী কবিতা কৃষ্ণণ

সোমবাৰে দধীয়াৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ উজাৰে বাওঁপন্থী সংগঠন CPI(ML)ৰ পলিটব্যুৰ’ৰ সদস্য কবিতা কৃষ্ণণ(Kavita Krishnan)য়ে ৷ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)ৰ গৃহ পঞ্চায়ত চাবুৱাৰ দধীয়াত অভাৱ-অভিযোগৰ বুজ লৈ দধীয়াবাসী ৰাইজৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন থকা বুলি উল্লেখ কৰে ৷

আনহাতে, বিজেপি চৰকাৰে খিলঞ্জীয়া-অখিলঞ্জীয়াৰ নামত কৰা ৰাজনীতিৰে অসমখনক অস্থিৰ কৰিব বিচাৰিছে বুলি মন্তব্য কৰি ছিপাঝাৰৰ গৰুখুঁটিৰ লোকসকল মুছলিম সম্প্ৰদায়ৰ হোৱা বাবে বাংলাদেশী সজোৱা কাৰ্যক তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চিপিআইৰ নেত্ৰীগৰাকীয়ে ।

সংবাদ মাধ্যমযোগে তেওঁ কয় যে, ৰাষ্ট্ৰীয় উদ্যানৰ নামত দধীয়াৰ লোকসকলৰ ওপৰতো গুলীচালনা কৰা হৈছিল । কিন্তু এইসকল লোকে দধীয়া ত্যাগ কৰিব বিচৰাৰ পাচতো পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই । সাধাৰণ উপাৰ্জনেৰে পৰিয়াল-পোহপাল দিয়া দধীয়াৰ লোকসকলৰ মাজত সম্প্ৰতি বিৰাজ কৰিছে চৰম অনিশ্চয়তা ৷

বিগত পাঁচটা বছৰে কৃষিকাৰ্য কৰিব পৰা নাই এইসকল লোকে । বছৰত চাৰি-পাঁচবাৰকৈ অহা বানপানী আৰু গৰাখহনীয়াত উচন গৈছে কৃষিভূমি আৰু বাসগৃহ । 30-40 বছৰ ধৰি পুনৰ সংস্থাপন বিচাৰি দধীয়াবাসীয়ে জনাই অহা দাবীকো আওকাণ কৰি আহিছে চৰকাৰে । সাধাৰণ খাটি খোৱা দৰিদ্ৰ লোকসকলৰ অভাৱ-অভিযোগবোৰত কোনেও গুৰুত্ব দিয়া নাই বুলি কবিতা কৃষ্ণনে ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখ্য যে, স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে বাওঁপন্থী সংগঠনটোৰ প্ৰতিনিধি দলটোৱে । এই কাৰ্যসূচীত চিপিআই (এম এল)ৰ পলিটব্যুৰ’ৰ সদস্য কবিতা কৃষ্ণণৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ সদস্য তথা কৰ্ণাটকৰ ৰাজ্যিক সম্পাদক ক্লিফটন ডি ৰোজাৰিঅ’ আৰু অসম ৰাজ্যিক সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : বৰপেটাত চৰকাৰী চাউলৰ নামত চোৰাং বেহা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.