ETV Bharat / state

মৰাণত ক'ভিড প্ৰতিৰোধৰ বাবে তৎপৰ প্ৰশাসন

মৰাণৰ চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা প্ৰতিগৰাকী ৰোগীৰ ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে ।

Covid test at Moran
মৰাণত ক'ভিড ১৯ প্ৰতিৰোধৰ বাবে তৎপৰ প্ৰশাসন
author img

By

Published : Apr 20, 2021, 1:15 PM IST

মৰাণ, 20 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে মৰাণতো ক'ভিড ১৯ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে প্ৰশাসন । মৰাণত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে ৷ ইয়াৰ লগতে মৰাণৰ চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা প্ৰতিজন ৰোগীৰ ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে । তদুপৰি চৰকাৰৰ নিৰ্দেশ অনুসৰি মৰাণৰ প্ৰাথমিক বিদ্যালয়সমূহ আজিৰে পৰা বন্ধ ৰখা পৰিলক্ষিত হৈছে ।

মৰাণত ক'ভিড ১৯ প্ৰতিৰোধৰ বাবে তৎপৰ প্ৰশাসন

মৰাণ আৰক্ষীয়েও ইতিমধ্যে মাইক লগাই সকলো লোকক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰে ৷ মৰাণ আৰক্ষীয়ে ক’ভিডৰ নীতি নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ৷

লগতে পঢ়ক : ভোট গণনাৰ সময়ত বিষয়া-কৰ্মচাৰীয়ে কৰিব লাগিব ক'ভিড টেষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.