ETV Bharat / state

উষাপুৰ খেলপথাৰত জৰাজীৰ্ণ ৰূপত ক'ভিড চিকিৎসা কেন্দ্ৰ - covid-19 update at moran

মৰাণৰ উষাপুৰ খেলপথাৰত জৰাজীৰ্ণ ৰূপত থকা ক'ভিড চিকিৎসা কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰিবলৈ মৰাণৰ ৰাইজে স্বাস্থ্য বিভাগক আহ্বান জনায় ৷

মৰাণৰ উষাপুৰ খেলপথাৰত জৰাজীৰ্ণ ৰূপত ক'ভিড চিকিৎসা কেন্দ্ৰ

author img

By

Published : May 18, 2021, 2:18 PM IST

মৰাণ,18 মে’: স্বাস্থ্য বিভাগে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে ক'ভিড চিকিৎসা কেন্দ্ৰ নিৰ্মাণৰ বাবে তৎপৰতা বৃদ্ধি কৰা সময়ত মৰাণৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত উষাপুৰ খেলপথাৰত এটা অস্থায়ী ক'ভিড চিকিৎসা কেন্দ্ৰই জৰাজীৰ্ণ ৰূপ লৈছে । বিগত বৰ্ষত ক'ভিডৰ ভয়াৱহতা বৃদ্ধি পোৱা সময়ত কোটি টকা চৰকাৰী ধন খৰচ কৰি উষাপুৰত ১৫০ গৰাকী ৰোগীৰ চিকিৎসাৰ বাবে ক'ভিড চিকিৎসা কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু চিকিৎসা কেন্দ্ৰটোত কোনো ৰোগীক চিকিৎসা কৰা নহ'ল বুলি অভিযোগ উত্থাপন হৈছে ।

মৰাণৰ উষাপুৰ খেলপথাৰত জৰাজীৰ্ণ ৰূপত ক'ভিড চিকিৎসা কেন্দ্ৰ

বৰ্তমানেও কেন্দ্ৰটোত কোনো ৰোগীৰ চিকিৎসা ব্যৱস্থা নকৰাত ক্ৰমাৎ জৰাজীৰ্ণ ৰূপ লৈছে ক'ভিড চিকিৎসা কেন্দ্ৰটো ৷ মৰাণৰ সচেতন মহলে স্বাস্থ্য বিভাগে চৰকাৰী ধন খৰচ কৰি পুনৰ ক'ভিড চিকিৎসা কেন্দ্ৰ নিৰ্মাণ কৰাতকৈ মৰাণৰ উষাপুৰ কেন্দ্ৰটোকে কাৰ্যক্ষম কৰি ৰোগীৰ চিকিৎসা কৰিব লাগে বুলি দাবী কৰিছে । উল্লেখ্য যে, বিগত এটা বৰ্ষ উষাপুৰ খেলপথাৰ ব্যৱহাৰ নকৰাকৈ চিকিৎসা কেন্দ্ৰটো ৰখাত খেলপথাৰখন আৱদ্ধ হৈ আছে বুলি কয় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ সোমবাৰে 6 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.