গুৱাহাটী,28 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি অসমত সষ্টম হৈ উঠিছে চৰকাৰ তথা প্ৰশাসন । ইতিমধ্যে ৰাজ্যৰ কেইবাটায়ো স্থানত কৰ'ণা ভাইৰাছ আক্ৰান্ত ৰোগী তথা সন্দেহজনক লোকৰ বাবে প্ৰস্তুত কৰা হৈছে আছুতীয়া কক্ষ । এইবাৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ৰে'লৰ ডবাত প্ৰস্তুত কৰিছে আছুতীয়া কক্ষ । ১৪২৪২ নম্বৰৰ ডবা ৰূপান্তৰিত কৰা হৈছে আছুতীয়া কক্ষলৈ । কামাখ্যা ৰে'ল ষ্টেচনত চলি আছে বিছনা নিৰ্মাণৰ কাম-কাজসমূহ । ইয়াৰোপৰি ৰে'লৱে হস্পিতালতো প্ৰস্তুত কৰি ৰখা হৈছে আইছ’লেচন ৱাৰ্ড ।
ৰাজ্যত লক ডাউনৰ চতুৰ্থ দিনত ক’ত কি ঘটিল ! - বিশ্বনাথত লক ডাউনৰ প্ৰভাৱ সৰ্বাত্মক
KARIMGANJ LOCK DOWN DAY3
![ৰাজ্যত লক ডাউনৰ চতুৰ্থ দিনত ক’ত কি ঘটিল ! covid-19-live-page-day-4-assam-etv-bharat-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6577527-thumbnail-3x2-a.jpg?imwidth=3840)
23:52 March 28
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আছুূতীয়া কক্ষ নিৰ্মাণ
![covid-19-live-page-day-4-assam-etv-bharat-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6577527_ghy.jpeg)
23:48 March 28
ডিফুত আইছ’লেশ্যন ৱাৰ্ড পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
![covid-19-live-page-day-4-assam-etv-bharat-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6577527_image_dip.jpg)
ডিফু,২৮ মাৰ্চঃ অসমত নতুনকৈ ৫ খন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইয়ে অসমবাসীক কৰ’ণাৰ পৰা বীজাণুমুক্ত কৰি ৰখাত সহায় কৰিব ৷ লক ডাউনৰ চতুৰ্থ দিনত কাৰ্বি আংলঙত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱাল ডিফুত পদাৰ্পণ কৰিয়ে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত থকা আইছ’লেশ্যন ৱাৰ্ডটো পৰিদৰ্শন কৰে ৷
23:34 March 28
শিলচৰত ৰাইজক আতংকিত নহ’বলৈ আহ্বান বিধায়কৰ
শিলচৰ,28 মাৰ্চঃ কাছাৰ জিলাৰ ৰাইজক আতংকিত নহ’বলৈ আবেদন জনায় শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে। পালে কয়,লক ডাউনৰ ফলত গৃহবন্দী হৈ থকা ৰাইজৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী,শাক-পাচলি,মাছ-মাংস আৰু ঔষধ সংগ্ৰহ কৰিবলৈ সমস্যা হৈছে। এই সম্পৰ্কত কাছাৰ জিলা প্ৰশাসনৰ লগত আলোচনা কৰি বিধায়ক গৰাকীয়ে সমিধান উলিওৱাৰ কথা প্ৰকাশ কৰে ৷ লগতে সকলোকে ঘৰত থাকি ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আবেদন জনাইছে ।
23:23 March 28
ছয়গাঁৱত সাজু বামুণীগাঁও মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়
ছয়গাঁও,২৮ মাৰ্চঃ কৰ’ণা ভাইৰাছত সংক্ৰমিত ৰোগীৰ বাবে সাজু কৰা হৈছে ছয়গাঁৱৰ বামুণীগাঁৱস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ৷ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে চিকিৎসালয়খন শনিবাৰে বিয়লি পৰিদৰ্শন কৰে ৷ ইতিমধ্যে চিকিৎসালয়খনৰ আছুতীয়া কোঠাত ১৯ খন বিচনা সাজু কৰিবলৈ নিৰ্দেশ দিছে বিধায়ক গৰাকীয়ে ৷
22:46 March 28
নাহৰকটীয়াত খাদ্য বিতৰণ বিভিন্ন অনুষ্ঠানৰ
নাহৰকটীয়া,28 মাৰ্চঃ নাহৰকটীয়া প্ৰশাসন,নাহৰকটীয়া ৰাধা কৃষ্ণ মন্দিৰ আৰু সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ডে লক ডাউনৰ সময়ছোৱাত দেখুৱাইছে মানৱতাৰ উল্লেখযোগ্য নিদৰ্শন ৷ নাহৰকটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াই লক ডাউনৰ পৰিৱেশ পৰ্যবেক্ষণৰ মাজতে দৰিদ্ৰ লোকসকলক যোগান ধৰিছে খাদ্য সামগ্ৰী ৷ তদুপৰি ৰাধা কৃষ্ণ মিলন মন্দিৰ সমিতিৰ প্ৰচেষ্টাত অভিজিত ৰয় আৰু সুব্ৰজিৎ নন্দীয়ে দৰিদ্ৰ লোকৰ লগতে চহৰখনত ভ্ৰমি ফুৰা মানসিক বিকাৰগ্ৰস্ত লোক আৰু গৰাকী বিহীন কুকুৰবোৰক যোগান ধৰে খাদ্য ৷ একেদৰে নাহৰকটীয়া প্ৰেছ গীল্ডে মানসিক বিকাৰগ্ৰস্ত লোকৰ মাজত খাদ্য বিতৰণৰ লগতে কুকুৰ বিলাকক যোগান ধৰিছে খিচিৰি ৷
21:47 March 28
বিশ্বনাথত লক ডাউনৰ প্ৰভাৱ সৰ্বাত্মক
![covid-19-live-page-day-4-assam-etv-bharat-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6577527_image.jpg)
বিশ্বনাথ,28 মাৰ্চঃ লক ডাউনৰ চতুৰ্থ দিনা বিশ্বনাথত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ কোনো কোনো ঠাইত লক ডাউন ভংগ কৰি জনসাধাৰণ বাহিৰলৈ অহাৰ বিপৰীতে বিশ্বনাথত দেখা যায় পৃথক দৃশ্য ৷ সমান্তৰালকৈ জিলাখনৰ জিনজিয়া,গহপুৰ,চতিয়া,বিহালী আদিৰ ৰাজপথত শূন্যতাই বিৰাজ কৰা দেখা যায় ৷ শনিবাৰে বিশ্বনাথৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলে ১ মিটাৰৰ ব্যৱধানত শাৰী পাতি শৃংখলাবদ্ধভাৱে বেতন লোৱা দেখা যায় ৷ লগতে জিলাসমূহৰ এটিএম,পেট্ৰ’ল ডিপো সমূহতো দেখা নগ’ল এজনো লোকক ।
21:37 March 28
মৰাণত কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি সষ্টম প্ৰশাসন
মৰাণ,২৮ মাৰ্চঃ কৰ’ণা ভাইৰাছ সন্দৰ্ভত ইতিমধ্যে কঠোৰ হৈছে মৰাণ প্ৰশাসন ৷ মৰাণৰ ৰাজহ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দুৱৰীয়ে শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰি মৰাণ আৰু খোৱাং আৰক্ষী চকীৰ বিষয়াক কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিছে। শুকুৰবাৰে মৰাণৰ দৈনন্দিন বজাৰত মাছ-মাংস,শাক-পাচলি কিনিবলৈ ৰাইজে অভাৱনীয় ভিৰ কৰাৰ পাছতে চক্ৰ বিষয়াগৰাকী বজাৰত উপস্থিত হৈ বজাৰ বন্ধৰ নিৰ্দেশ দিয়ে।
আনহাতে,শনিবাৰে পুৱা খোৱাং দৈনন্দিন বজাৰৰ লগতে সমগ্ৰ অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত চেনিটাইজ কৰা হয়। বৰ্তমান মৰাণ চহৰৰ বাবে ১০ খন পাচলি দোকানক পাচলি বিক্ৰীৰ অনুমতি দিয়া হৈছে ।
21:02 March 28
চিৰাঙত অংগনৱাড়ী কৰ্মীৰ সজাগতা সৃষ্টি
চিৰাং,28 মাৰ্চঃ লক ডাউনৰ সময়তে আৰক্ষীয়ে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে চিৰাং জিলাত ৷ চিৰাং জিলা সদৰ উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই জিলা সদৰৰ শান্তিপাৰাত থকা ৮টা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল,দাইলসহ অন্যান্য সামগ্ৰী বিতৰণ কৰে । আৰক্ষীয়ে জিলাখনৰ অন্যান্য প্ৰান্তৰ দৰিদ্ৰ লোকসকলৰ মাজতো এইদৰে সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে। চিৰাং আৰক্ষীৰ এই মহানুভৱতাৰ শলাগ লৈছে সকলোৱে ৷
আনহাতে,জিলাখনৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং বিষ্ণুপুৰত এগৰাকী মহিলাই নিজাববীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰে দৰিদ্ৰ লোকৰ মাজত। বিলা ৰায় নামৰ বড়ো বাজাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কৰ্মৰত অংগনৱাড়ী কৰ্মী গৰাকীৰ এই কাৰ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
20:28 March 28
অভয়াপুৰীত খাদ্য সামগ্ৰী বিতৰণ
বঙাইগাঁও,28 মাৰ্চঃ ইতিমধ্যে চাৰিটা দিন অতিক্ৰম দেশজুৰি ঘোষিত লক আউটৰ ৷ লক আউটৰ ফলত খাদ্য সংকটৰ কবলত পৰিছে অভয়াপুৰীৰ একাংশ লোক। এই লোকসকলক কিছু খাদ্য-সামগ্ৰী প্ৰদানেৰে সহায়ৰ হাত আগবঢ়ায় বঙাইগাঁও জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ অভয়াপুৰীৰ শংকৰঘোলা গাঁৱৰ প্ৰায় ৪০ ঘৰ লোকৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷
19:49 March 28
চৰকাৰৰ নিৰ্দেশক আওকাণ কৰিমগঞ্জত
![covid-19-live-page-day-4-assam-etv-bharat-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6577527_img.jpg)
কৰিমগঞ্জ,28 মাৰ্চঃ দেশজুৰি ঘোষিত লক ডাউনৰ শনিবাৰে চতুৰ্থ দিন ৷ লক ডাউনৰ বাবে ৰাজ্যৰ বজাৰত শাক-পাচলি,মাছ-মাংসৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে চৰকাৰে। চৰকাৰী নিৰ্দেশক আওকাণ কৰি খোলা থাকে কৰিমগঞ্জৰ শনিবাৰী আৰু নিলাম বজাৰ । য’ত পুৱাৰ ভাগৰ পৰা দেখা যায় মেলা সদৃশ পৰিৱেশ ৷ এই পৰিৱেশৰ প্ৰতি স্থানীয় প্ৰশাসনৰ নাই কোনো তৎপৰতা ৷