ETV Bharat / state

PMAY scam at Moran: চৰকাৰী আবাস নিৰ্মাণৰ নামত ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰে পুৰণি ঘৰকে কৰিলে মেৰামতি - প্ৰধানমন্ত্ৰীৰ আবাসগৃহ

মৰাণৰ হালধিবাৰীত চৰকাৰী আবাসগৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ৷ পুৰণা গৃহকে নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰি লুণ্ঠন চলোৱাৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে ৷ মৰাণ সমষ্টিৰ বিধায়কৰ লগতে উন্নয়ন খণ্ড বিষয়াক ইয়াৰ উচিত তদন্ত কৰাৰ দাবী ভুক্তভোগীৰ লগতে স্থানীয় লোকৰ(PM Awas Yojana at Moran) ।

PMAY scam at Moran
চৰকাৰী আবাসগৃহ নিৰ্মাণৰ নামত পুৰণি ঘৰকে মেৰামতি কৰিলে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰে
author img

By

Published : Feb 9, 2023, 6:59 PM IST

চৰকাৰী আবাসগৃহ নিৰ্মাণৰ নামত পুৰণি ঘৰকে মেৰামতি কৰিলে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰে

ডিব্ৰুগড়, ৯ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ দেশৰ প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ ৰাইজলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ আবাসগৃহ নিৰ্মাণত কোনো ধৰণৰ দুৰ্নীতি অনিয়ম সংঘটিত হ'ব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশলৈ গুৰুত্ব নিদিয়ে একাংশই । একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰৰ লুণ্ঠনৰাজে আউল লগাইছে দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাসগৃহ নিৰ্মাণত(Corruption allegations in making of PM Awas Yojana) । এনে এক ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ হালধিবাৰী পঞ্চায়তৰ ৮ নং চেতিয়া ৱাৰ্ডত ৷

ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ হালধিবাৰী পঞ্চায়তৰ ৮ নং চেতিয়া ৱাৰ্ডৰ এগৰাকী স্বামীহাৰা মহিলাৰ চৰকাৰী আবাসগৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে(PM Awas Yojana at Moran) । চেচুঘাট অঞ্চলৰ ৩ নং শিলপুটা গাঁ‌ৱৰ মামনি ফুকন নামৰ মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি, তেওঁৰ চৰকাৰী আবাসগৃহটো নিৰ্মাণৰ নামত ৱাৰ্ড মেম্বাৰগৰাকীয়ে ব্যাপক গাফিলতি কৰিছে ৷ বিধবা মহিলাগৰাকীৰ গৃহটো নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লৈছিল ৰূপৰেখা কোঁ‌ৱৰ নামৰ ৱাৰ্ড মেম্বাৰগৰাকীয়ে(Corruption allegations against ward member) ।

লগতে পঢ়ক: PM Gram Charak Yojana: চন্দ্ৰপুৰ-ডিগাৰু পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ তদন্তৰ দাবী আছুৰ

কিন্তু ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰগৰাকীয়ে গৃহটো সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বিপৰীতে পুৰণা গৃহটোকে জোৰা-টাপলি মাৰি মেৰামতি কৰিছে বুলি তেওঁ অভিযোগ কৰে । মহিলাগৰাকীৰ প্ৰয়াত স্বামীয়ে নিৰ্মাণ কৰা খুঁটা বিলাককে বালি-চিমেণ্ট সানি নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে ৱাৰ্ড মেম্বাৰগৰাকীয়ে । তিনি ইঞ্চি ইটাৰে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰগৰাকীয়ে নিৰ্মাণ কৰা ৱালত মেলিছে এতিয়া বৃহৎ বৃহৎ ফাঁট । কেৱল ইমানেই নহয় অকলশৰীয়া মহিলাগৰাকীৰ বেংক পাচবুকখনো ৱাৰ্ড মেম্বাৰগৰাকীয়ে নিজৰ হাতত ৰাখি থৈছে বুলি মহিলাগৰাকীয়ে জানিবলৈ দিছে ।

ইফালে মৰাণৰ এটা সাংবাদিকৰ দলে ৱাৰ্ড মেম্বাৰগৰাকীৰ ভাষ্য সংগ্ৰহৰ বাবে যোগাযোগ কৰিছিল যদিও তেওঁ সাংবাদিকৰ মুখামুখি হ'বলৈ সাহস নকৰিলে । অকলশৰীয়া স্বামীহাৰা মহিলাগৰাকীৰ লগতে অঞ্চলটোৰ স্থানীয় লোকে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰগৰাকীৰ এই কাণ্ডক একমুখে ধিক্কাৰ দিছে ৷ তেওঁলোকে মৰাণ সমষ্টিৰ বিধায়কৰ লগতে উন্নয়ন খণ্ড বিষয়াক ইয়াৰ এটা উচিত তদন্ত কৰি গৃহটো সুন্দৰ ৰূপত নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে । এইসকল দুৰ্নীতি পৰায়ণ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে । নে শাসক দলৰ হোৱা বাবেই দুৰ্নীতি কৰিও সাৰি যাব এইসকল প্ৰতিনিধি ।

লগতে পঢ়ক: PMAY scam in Nalbari: নলবাৰীত PMAY আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ হিতাধিকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.