ETV Bharat / state

ডিব্ৰুগড়ত কৰ'ণাত আক্ৰান্ত ব্যক্তি চিনাক্ত

author img

By

Published : May 21, 2020, 10:24 PM IST

ডিব্ৰুগড়ত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কৰ'ণাত আক্ৰান্ত ব্যক্তি । ডিব্ৰুগড়ৰ দেৱিকা হোটেলত কোৱাৰেন্টাইনত আছিল ব্যক্তিগৰাকী ।

Corona patient identified at Dibrugarh
ডিব্ৰুগড়ত কৰ'ণাত আক্ৰান্ত ব্যক্তি চিনাক্ত

ডিব্ৰুগড়,21 মেঃ বৃহস্পতিবাৰে ডিব্ৰুগড়ত চিনাক্ত কৰা হয় জিলাখনৰ প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগী । বিগত 18 মে'ত শ্ৰমিক এক্সপ্ৰেছযোগে তামিলনাডুৰ পৰা আহিছিল ব্যক্তিগৰাকী । ইয়াৰ পিছত তেখেতক ডিব্ৰুগড়ৰ দেৱিকা হোটেলত কোৱাৰেন্টাইনত ৰখা হয় । ইতিমধ্যে লোকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

আনহাতে, তেখেতৰ সংস্পৰ্শলৈ অহা লোকসকলৰো তথ্য উলিওৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । লগতে ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টি অঞ্চলত থকা দেৱিকা হোটেলখনৰ এলেকাটো কন্টেইনমেন্ট জ'নলৈ পৰিৱৰ্তিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে এই তথ্য সদৰি কৰি কয়,আমি ইয়াৰ বাবে সাজু হৈ আছিলো এই কেইদিনত। অৱশ্যে ই একপ্ৰকাৰ সকাহ কাৰণ ডিব্ৰুগড়ৰ প্ৰথটো কোভিড 19ৰ তথ্য কোৱাৰেইনটাইনতে পোৱা হৈছে,যাৰ বাবে বহু বেছি মানুহ সংস্পৰ্শ অহাৰ সম্ভাৱনা কম ।

লগতে পঢ়ক- আন্তৰ্জাতিক চাহ দিৱসত খেতিয়কলৈ বিশেষ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.