ETV Bharat / state

বিধায়ক চক্ৰধৰ গগৈৰ টিকটৰ অংকত আউল লগাব পাৰে অসীম হাজৰিকাই - ২১ৰ বিধানসভা

মৰাণত বিধায়ক চক্ৰধৰ গগৈ নহয় অসীম হাজৰিকাৰ পক্ষত দলৰ জ্যেষ্ঠ নেতা । দলৰ জ্যেষ্ঠ কৰ্মী সুখী নহয় চক্ৰধৰ গগৈৰ কামকাজক লৈ । চক্ৰধৰ গগৈয়ে পুনৰ টিকট পালে মৰাণত বিজেপি নিঃশেষ হোৱাৰ সম্ভাৱনা । টিকট লাভৰ আশা এৰা নাই অসীম হাজৰিকাও ।

মৰাণত বিধায়ক চক্ৰধৰ গগৈৰ টিকট অংকত আউল লগাব পাৰে অসীম হাজৰিকাই

author img

By

Published : Dec 22, 2020, 6:41 PM IST

মৰাণ , ২২ ডিচেম্বৰ : ২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰিছে । বড়ো ভূমি আৰু তিৱা স্বায়ত্ব পৰিষদত শেহতীয়াকৈ শাসক দল বিজেপিৰ সহজ জয়ৰ পিছতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ শাসক দলৰ মন্ত্ৰী, বিধায়ক আৰু দলীয় নেতাৰ মাজত অধিক উৎসাহ দেখিবলৈ পোৱা গৈছে । সমান্তৰালকৈ সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী প্ৰত্যাশী নেতাৰ ভিৰ বঢ়াও দেখিবলৈ পোৱা গৈছে । ইয়াৰ ব্যতিক্ৰম নহয় মৰাণ বিধানসভা সমষ্টি । মৰাণৰ শাসক দল বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পুনৰ দলীয় টিকট লাভ নকৰে বুলি খবৰ ওলোৱাৰ পাছতে মৰাণ সমষ্টিত বহু কেইজন নেতাই সমষ্টিৰ গাওঁসমূহত দলীয় কাম কাজ কৰা পৰিলক্ষিত হৈছে ।

আশা এৰা নাই চক্ৰধৰ গগৈয়ে
আশা এৰা নাই চক্ৰধৰ গগৈয়ে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি পৰিচিত ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ নাম মৰাণত দলীয় কৰ্মী সকলৰ মাজত বিশেষ চৰ্চাত আছে । নেতাজনে সমষ্টিৰ দলীয় কৰ্মীৰ লগতে মৰাণৰ বিশিষ্ট ব্যক্তি সকলক সাক্ষাৎ কৰি নিজৰ দলীয় ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

টিকটৰ আশাত অসীম হাজৰিকা
টিকটৰ আশাত অসীম হাজৰিকা

মৰাণত বিজেপি দলৰ পৰা বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই টিকট পোৱাৰ আশাত সমষ্টিত প্ৰচাৰত ব্যস্ত আছে যদিও পুনৰ বিধায়ক হোৱা আশা এৰি দিয়া নাই বিধায়ক চক্ৰধৰ গগৈয়ে । অৱশ্য়ে দলৰ ভিতৰুৱা খবৰ অনুসৰি বিধায়ক জনৰ কামকাজক লৈ দলীয় নেতৃত্ব একেবাৰে সুখী নহয় । ইয়াৰ ওপৰিও আৰ এছ এছ (RSS) তালিকাৰ পৰাও চক্ৰধৰ গগৈৰ নাম কাট খাইছে বুলি খবৰ ওলাইছে সমষ্টিত ।

অসীম হাজৰিকা
অসীম হাজৰিকা

বিধায়ক জনে ১৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে আৰ এছ এছত যোগদান কৰিছিল যদিও বিধায়ক হোৱাৰ পাছতে তেওঁ সমষ্টিৰ কোনো সংঘৰ কৰ্মীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে । মৰাণৰ জ্যেষ্ঠ বিজেপি কৰ্মী সকলকো বিধায়ক জনে বিভিন্ন ধৰণে অপমানিত কৰাৰ লগতে অৱহেলা কৰাৰ অভিযোগ আছে ।

কেৱল মাত্ৰ সামাজিক মাধ্যমত উন্নয়নৰ প্ৰচাৰ কৰি দলীয় নেতৃত্বৰ পৰা বাঃ বাঃ ল'বলৈ চেষ্টা কৰা বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ ৰাইজৰ উন্নয়ন কৰিব নোৱাৰিলেও নিজৰ অগাধ সম্পত্তি কৰা বুলি সমষ্টিৰ বিভিন্নজনে অভিযোগ আনিছে ।

আশা এৰা নাই চক্ৰধৰ গগৈয়ে
আশা এৰা নাই চক্ৰধৰ গগৈয়ে

মুঠৰ ওপৰত মৰাণত বিধায়ক চক্ৰধৰ গগৈৰ টিকটৰ অংকত আউল লগাব পাৰে অসীম হাজৰিকাই। নেতা জনক লৈ দলীয় কৰ্মী সকলৰ মাজতো উৎসাহ দেখিবলৈ পোৱা গৈছে। মৰাণৰ জ্যেষ্ঠ নেতা সকলেও হাজৰিকাক দলীয় কাম কাজত সংগ দিয়া দেখা গৈছে ।

টিকটৰ আশাত অসীম হাজৰিকা
টিকটৰ আশাত অসীম হাজৰিকা

মৰাণৰ বহু জ্যেষ্ঠ বিজেপি নেতাই জানিবলৈ দিয়া মতে দলে যদি পুনৰ বিধায়ক চক্ৰধৰ গগৈক মৰাণত দলীয় টিকট দিয়ে, বিজেপি মৰাণত ৰণত পৰিব । তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিধায়ক জন । কাৰণ এইবাৰ কংগ্ৰেছৰ লগতে নতুন আঞ্চলিক দল সমূহেও কিছু হ'লেও প্ৰভাৱ পেলাব মৰাণ সমষ্টিত । এনে প্ৰেক্ষাপটত দলে নতুন নেতাক দলীয় টিকট দিলে মৰাণত বিজেপি বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত বুলিও দাবী কৰিছে বহুতে ।

লগতে পঢ়ক :কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ অইলৰ গাড়ী অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.