ডিব্ৰুগড়, 24 ডিচেম্বৰঃ অসম প্ৰদেশ কংগ্ৰেছে শদিয়াৰ পৰা আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে বিয়লি এই যাত্ৰাৰ সমদল টিংখাঙত উপস্থিত হয় । এই জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তণ মন্ত্ৰী এটোৱা মুণ্ডা, বিৰিঞ্চি নেওঁগকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।
কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ইফালে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি সংশোধিত নাগৰিকত্ব আইন কংগ্ৰেছে মানি নলয় বুলি মন্তব্য কৰে ৷ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত বিজেপি দলৰ কোনো অৱদান নাই বুলিও তেওঁ দাবী কৰে । ইয়াৰোপৰিও আগন্তক 2021 চনৰ বিধান সভা নিৰ্বাচনত বিজেপি চৰকাৰে উচিত প্ৰত্যুত্তত লাভ কৰিব বুলিও কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সকীয়াই দিয়ে ৷লগতে পঢ়ক - ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন