ডিব্ৰুগড়,18জানুৱাৰী:মই টিংখং গৈছিলো ৷ তাত এগৰাকী কন্যাৰ লগতে এগৰাকী বোৱাৰীক দুষ্কৃতিকাৰীয়ে ধৰ্ষণ কৰি হত্যা কৰিলে ৷ কিন্তু সেই ঘটনাৰ বহু দিন পাৰ হোৱাৰ পিছতো আৰক্ষী বিভাগে আজিকোপতি কোনো এজন ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল ৷ যদি শীঘ্ৰে আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি ৰাজপথলৈ ওলাই আহিম ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ হোটেল লিটল পেলেচত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়ে ৷
ইপিনে উপাধ্যায়ে কৃষি আইনৰ সন্দৰ্ভত মন্তব্য কৰি কয়,কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইন ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিন সমৰ্থন নকৰে আৰু এই আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব ৷ কৃষি আইনে কৃষক সমাজক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি কংগ্ৰেছ দল সদায়ে কৃষকৰ লগত থাকিব বুলি মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদকগৰাকীয়ে ৷
আনহাতে,আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত সম্পাদকগৰাকীয়ে কয়, বিধানসভা নিৰ্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে কোনো দলৰ সৈতে মিত্ৰতা হ'লে আসনক লৈ পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব ৷
লগতে পঢ়কঃ সোমবাৰে অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা