মৰাণ,16মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে যদিও মৰাণত কংগ্ৰেছৰ ব্যাপক খহনীয়া সৃষ্টি হৈছে । সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সাংসদ গৌৰৱ গগৈয়ে মৰাণত নিৰ্বাচনি প্ৰচাৰ চলোৱাৰ দিনাই মৰাণত কংগ্ৰেছ দলৰ প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ।
![মৰাণত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8013-congressmembersofmoranjoinedinbjp-as10031_16032021132800_1603f_1615881480_561.jpg)
মৰাণত কংগ্ৰেছ দলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰিয়েই দল ত্যাগ কৰে কংগ্ৰেছ কৰ্মী সকলে । এই যোগদান অনুষ্ঠান মৰাণ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ, সমষ্টিৰ প্ৰভাৰী ৰঞ্জিত গগৈ, দুয়োটা মণ্ডলৰ সভাপতি ক্ৰমে ক্ষিৰোদ কুমাৰ দুৱৰা আৰু যতিন গগৈ,সহ সম্পাদক বিক্ৰম খাৰিয়া আৰু বিস্তাৰক পিযুষ বাৰিকৰ লগতে দলীয় বহু কৰ্মী উপস্থিত থাকে ।
![মৰাণত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8013-congressmembersofmoranjoinedinbjp-as10031_16032021132800_1603f_1615881480_788.jpg)
অন্য এক খবৰৰ বাবে: নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড:তিনিটা পৰিয়ালৰ বাসগৃহ ভষ্মীভূত