ETV Bharat / state

ৰাইজৰ মাজলৈ গৈ বিপদত পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

author img

By

Published : Jun 12, 2020, 4:32 AM IST

কোৱাৰেনণ্টাইন নিয়ম উলংঘনৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৷ এদিন কোৱাৰেন্টাইনত থাকিয়েই কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তিনিচুকীয়া আৱৰ্ত ভৱনত গৈ আলোচনাত মিলিত হোৱাৰ লগতে বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ গৈছিল মন্ত্ৰীগৰাকী ৷

containment rule
containment rule

ডিব্ৰুগড়, 11 জুন : এদিন কোৱাৰেন্টাইনত থাকিয়েই ৰাইজৰ মাজত গৈ ওলাল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী । সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী যোৱা ৮ জুনৰ পৰা ডিব্ৰুগড় আৱৰ্ত ভৱনত কোৱাৰেন্টাইনত আছিল। কিন্তু এদিন কোৱাৰেন্টাইনত থাকিয়েই কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তিনিচুকীয়া আৱৰ্ত ভৱনত গৈ আলোচনাত মিলিত হোৱাৰ লগতে বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ গৈছিল । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত। এগৰাকী সাংসদ হোৱাৰ সুবাদতে কিয় আৰ্ৱত ভৱনটো কোৱাৰেন্টাইন চেন্টাৰলৈ পৰিণত কৰিলে,সেই বিষয়েও প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । এদিনৰ পাচতে কোৱাৰেন্টাইনৰ পৰা ওলোৱাৰ কথা সহজে লোৱা নাই ডিব্ৰুগড় বাসীয়ে ।

containment rule
চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ৰামেশ্বৰ তেলী

উল্লেখযোগ্য যে, নতুন দিল্লীত লক্ ডাউনৰ সময়তে দীঘলীয়া সময়ৰ আবদ্ধ হৈ থকাৰ পাচত সোমবাৰে দুপৰীয়া ভিষ্টাৰা বিমান যোগে সাংসদ গৰাকী দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিয়েই পোনে পোনে আৱৰ্ত ভৱনত আশ্ৰয় লৈছিল । জিলা স্বাস্থ্য বিভাগে তেওঁৰ স্ৰাৱ লৈ পৰীক্ষা কৰাৰ পাচত নিগেটিভ ওলোৱাৰ পাচতে তেওঁক বুধবাৰে আৱৰ্ত ভৱনৰ পৰা যাবলৈ অনুমতি দিয়ে।

ৰাইজৰ মাজলৈ গৈ বিপদত পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

ইপিনে ডিব্ৰুগড়ত প্ৰতি দিনে বৃদ্ধি হৈ ক'ভিড-19 আক্ৰান্ত ৬৬জন হৈছেগৈ । ইয়াৰে ১৪দিনকৈ কোৱাৰেন্টাইনত থাকি যোৱা ৭জন ক'ভিড-19 নিগেটিভ ওলোৱাত ঘৰলৈ যাবলৈ দিয়াৰ পাচত বুধবাৰে নিশা পুনৰ ক'ভিড-19 পজিটিভ ওলোৱাত জিলাখনত সৃষ্টি হৈ আতংকময় পৰিস্থিতি । তেনে ক্ষেত্ৰত এজন কেন্দ্ৰীয় মন্ত্ৰী এদিন কোৱাৰেন্টাইনত থৈয়েই জিলা প্ৰশাসনে কি কাৰণত পঠায় দিলে সেইয়া ৰহস্যৰ আৱৰ্তত । সচেতন লোকৰ মাজত ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা লগতে পুনৰ তেওঁক কোৱাৰেন্টাইনলৈ পঠাবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.