ডিব্ৰুগড়,9 ডিচেম্বৰ : এইবাৰ চাকৰিৰ নামত ডিব্ৰুগড়ত বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত নিযুক্তি দিয়াৰ নামত সংঘটিত হৈছে এই কেলেংকাৰী ৷ স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ নগৰতে সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । চাকৰিৰ দালালৰ ৰূপত অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকৰ নাম সাঙোৰ খাই পৰিছে ।
চাকৰিৰ প্ৰলোভনেৰে ২২ লাখ টকা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অজন্তা হাজৰিকা নামৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক গৰাকীয়ে নিজ গাড়ী চালকৰ জৰিয়তে ভুক্তভোগী যুৱককেইজনৰ পৰিয়ালৰ পৰা 7 ৰ পৰা 8 লাখ টকাকৈ ধন উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু ধন লৈ দৰিদ্ৰ পৰিয়াল কেইটাক চাকৰি দিয়া দূৰৰ কথা ওলোটাই ধন ওভটাই বিচাৰোতে ভয়-ভাবুকিহে প্ৰদান কৰে ডাঃ অজন্তা হাজৰিকাই ৷
![As_Moran_Assam_Medical_College_doctor_taking_bribe_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9817275_1.jpg)
উল্লেখ্য যে, অজন্তা হাজৰিকাই তিনি জন যুৱকৰ পৰা মুঠ ২২ লাখ টকা সংগ্ৰহ কৰিছিল যদিও ইয়াৰে আধা অংশ গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজন ব্যক্তিৰ SBI ৰ ছয় মাইল শাখাৰ 30669571164 নম্বৰ একাউণ্টত আৰু IDBI GS Road Branchৰ 136102000008662 নম্বৰ আৰু SBIৰ ছয়মাইলৰে 35878209607 একাউন্টত জমা দিয়াৰ তথ্য প্ৰদান কৰিছে চাকৰি প্ৰাৰ্থী কেইজনে । অৱশ্যে সাংবাদিকৰ আগত অভিযুক্ত চিকিৎসক অজন্তা হাজৰিকাই এইয়া তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰা বুলিহে মন্তব্য কৰিছে । ইফালে চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে অমল নাথ নামৰ ভুক্তভোগীজনে গোচৰ ৰুজু কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক-আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান